স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ

চাৰি আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিতা বঁটা

Assam Police badge

ৰাজ্যই দেশৰ স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক মহোৎসৱ উদযাপনৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ আহিছে এটা ভাল খবৰ । ৰাজ্যখনৰ চাৰিগৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিকতা বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ।

বিভিন্ন কেছৰ অনুসন্ধানত ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু উপ-আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰ আৰু উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়াল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গৃহমন্ত্ৰীৰ এই পদক আগবঢ়াই ৷

উল্লেখ্য যে দেশৰ মুঠ ১৫১ গৰাকী আৰক্ষী বিষয়াক গৃহমন্ত্ৰী অমিত শ্বাহে অনুসন্ধান পাৰদৰ্শিকতা মেডেল সন্মান প্ৰদান কৰিব ৷

Exit mobile version