১৩-১৫ আগষ্টলৈ পতাকা উত্তোলন কৰা প্ৰতিজন লোকে লাভ কৰিব হৰ ঘৰ ত্ৰিৰংগা প্ৰমাণ পত্ৰ

WhatsApp Image 2022 08 12 at 2.49.13 PM

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক যি অভিযান অব্যাহত ৷ এই অভিযানৰ স’তে যুক্ত হৈ থকা প্ৰতিজন লোকে ডাউনলোড কৰি লাভ কৰিব প্ৰমাণ পত্ৰ ৷

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে চৰকাৰে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে আৰম্ভ কৰিছিল ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান ৷ ত্ৰিৰংগা পতাকা খন উৰুৱাব লাগে বা নিজ ঘৰত প্ৰদৰ্শন কৰাৰ দৃশ্য আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ বাবে ত্ৰিৰংগালৈ সলনি কৰাৰ বাবে আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

এনেক্ষেত্ৰত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পতাকা উত্তোলন কৰা লোকসকলে হৰ ঘৰ ত্ৰিৰংগা প্ৰমাণপত্ৰ লাভ কৰিব। দেশপ্ৰেমী নাগৰিকসকলক একোখনকৈ প্ৰমাণ পত্ৰৰে স্বীকৃতি দিয়াৰ কথা সদৰি কৰে সাংস্কৃতিক মন্ত্ৰালয়ে ৷

আনহাতে, মন্ত্ৰণালয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰু ইয়াৰ প্ৰমাণপত্ৰ পোৱাৰ সন্দৰ্ভত নাগৰিকসকলে জানিব পৰাকৈ harghartiranga.com নামৰ এটা পৰ্টেল মুকলি কৰে৷ এতিয়া নাগৰিক সকলে নিজৰ ঘৰৰ চৌহদত ত্ৰিৰংগা উত্তোলন কৰা বা উৰোৱা আদি দৃশ্য harghartiranga.com প্ৰেৰণ কৰিব পাৰে ৷ এই পৰ্টেলৰ জৰিয়তে প্ৰচাৰ কৰাৰ লজতে পৰৱৰ্তী সময়ত দিয়া হ’ব প্ৰমাণ পত্ৰ ৷

Exit mobile version