১৫ আগষ্টত অসমলৈ আহিব লগা মি: পাৰফেক্ট আমিৰ খানৰ অসম ভ্ৰমণ বাতিল

স্বাধীনতা দিৱসৰ পাছত আহিব অসমলৈ, খানৰ স'তে মুখ্যমন্ত্ৰীয়ে চাব 'লাল সিং চাড্ডা'

aamir khan

বলিউদৰ মি:পাৰফেক্ট ৰূপে খ্যাত জনপ্ৰিয় অভিনেতা আমিৰ খান ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা অসমলৈ অহাৰ কথা আছিল। কিন্ত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বাতিল কৰিলে আমিৰ খানৰ অসম আগমনৰ কাৰ্য্যসূচী৷ ১৫আগষ্টৰ পিছতহে অভিনেতা জনক অসমলৈ আহিবলৈ আহবান মুখ্যমন্ত্ৰীৰ৷ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে খানৰ স’ত ফোনযোগে বাৰ্তালাপ কৰিছে ৷

স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক কাৰ্যসূচীৰ মুল কাৰ্যক্ৰমণিকা যাতে আতঁৰি নাযায় তাৰ বাবে আমিৰ খানৰ ভ্ৰমণ সদ্যহতে বাতিল কৰে যদিও মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সদৰী কৰি যে , মই মাতিলেই আমিৰ খান গুৱাহাটীলৈ আহিব৷ ১৫ আগষ্টৰ পিছতে নিদিষ্ট দিন এটা নিৰ্ধাৰণ কৰি আমিৰ খানক অসমলৈ নিমন্ত্ৰণ কৰা হ’ব ৷

উল্লেখ্য ইয়াৰ পূৰ্বে মি:পাৰফেক্ট জনে খানাপাৰাত ৰাজ্য চৰকাৰৰ স্বাধীনতা দিৱসৰ মুল কাৰ্য্যসূচীত অংশ লোৱাৰ কথা আছিল৷ লগতে মুখ্যমন্ত্ৰীয়ে আমিৰৰ সৈতে একলগে উপভোগ কৰাৰ কথা আছিল বলিউদ ষ্টাৰ জনৰ শেহতীয়া কথাছবি ‘লাল সিং চড্ডা ৷

স্মতৰ্ৱ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে চুপাৰষ্টাৰ আমিৰ খান আৰু ‘লাল সিং চাড্ডা’ ছবিখনৰ গোটেই দলটোক অসমলৈ আমন্ত্ৰণ জনাইছিল আৰু আমিৰ খান আৰু তেওঁৰ দলে আমন্ত্ৰণ গ্ৰহণ কৰিছিল ৷

এতিয়া মি: পাৰফেক্ট স্বাধীনতা দিৱসৰ পাছতে যিকোনো দিন এটাত অসমত উপস্থিত হ’ব ৷

Exit mobile version