অমঞ্জুৰীকৃত কলেজ শিক্ষকৰ পদ নিয়মীয়াকৰণৰ দাবী

শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুক স্মাৰক পত্ৰ প্ৰদান

WhatsApp Image 2022 08 14 at 6.35.53 PM rotated e1660487839450

অসমৰ বিভিন্ন কলেজৰ অমঞ্জুৰীকৃত বিভাগসমূহত কৰ্মৰত অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণৰ দাবীত সদৌ অসম অমঞ্জুৰীকৃত কলেজ শিক্ষক সন্থাই আজি ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত অসমৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে । সদৌ অসম অমঞ্জুৰীকৃত কলেজ শিক্ষক সন্থাৰ সভাপতি পিনাকী ৰায় আৰু সাধাৰণ সম্পাদক নিপম নাথ দেৱশৰ্মা স্বাক্ষৰিত স্মাৰকপত্ৰত উল্লেখ কৰে যে অসমৰ প্ৰায় ১৫০খন মহাবিদ্যালয়ৰ অমঞ্জুৰীপ্ৰাপ্ত বিভিন্ন বিভাগত অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলে ১০ৰ পৰা ১২ বছৰৰ অধিক কাল ধৰি নিয়মীয়া কলেজ শিক্ষকসকলৰ দৰে বিনা দৰমহাৰে শিক্ষাৰ্থীসকলক নিয়মীয়াভাৱে পাঠদান কৰি আহিছে ।

উক্ত অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলে নিয়মীয়াভাবে পাঠদান কৰাৰ উপৰি চৰকাৰী বিভিন্ন কাম-কাজ যেনে গুণোৎসৱ, নিৰ্বাচনৰ বিভিন্ন দায়িত্ব আদি নিয়মীয়া শিক্ষকসকলৰ দৰে পালন কৰি আহিছে । কিন্তু উক্ত অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলৰ বিষয়ত কলেজ কৰ্তৃপক্ষ নাইবা বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ গুৰুত্ব নাই । ইয়াৰ ফলত দীৰ্ঘ দিন ধৰি বিনা দৰমহাৰে কৰ্তব্য পালন কৰি অহা কলেজ শিক্ষকসকলৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে ।

উল্লেখ্য যে ইউজিচিৰ (UGC) নাক (NAAC) মূল্যায়নৰ সময়ত নাইবা চৰকাৰৰ নতুন শিক্ষা নীতিৰ প্ৰসাৰৰ সময়ত কলেজসমূহত বিভিন্ন বিষয় বা বিভিন্ন বিভাগ খুলি অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল । গতিকে উক্ত অমঞ্জুৰীপ্ৰাপ্ত বিভাগসমূহ মঞ্জুৰীকৃত কৰাৰ লগতে অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলৰ পদসমূহ অতি শীঘ্ৰে নিয়মীয়াকৰণৰ দাবীত সদৌ অসম অমঞ্জুৰীকৃত কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক নিপম নাথ দেৱশৰ্মাৰ নেতৃত্বত সন্থাৰ পাঁচজনীয়া এটা সজাতী দলে আজি অসমৰ শিক্ষামন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

উল্লেখ্য যে আমাৰ দেশে স্বানীনতা লাভৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আজি শিক্ষামন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত উপস্থিত হৈছিল । আনহাতে, শিক্ষামন্ত্ৰীগৰাকীয়ে স্মাৰকপত্ৰখন গ্ৰহণ কৰি বিহিত ব্যাৱস্থা গ্ৰহণ কৰিব বুলি সজাতী দলটোক আশ্বাস প্ৰদান কৰে ।

Exit mobile version