মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈদ্যুতিন মাধ্যম আৰু বাতৰি কাকতৰ সম্পাদক-কাৰ্যবাহী সম্পাদকসকলৰ স’তে আলোচনা

দেশৰ স্বাধীনতাৰ ৭৬ সংখ্যক দিৱসৰ অমৃত মহোৎসৱ বিশেষ ক্ষণত আজি ৰাজ্যৰ তথ্য আৰু জনসংযোগ তথা অসম চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই বৈদ্যুতিন মাধ্যম আৰু বাতৰি কাকতৰ সম্পাদক আৰু কাৰ্যবাহী সম্পাদকসকলৰ স’তে এক সৌজন্যমুলক আলোচনাত মিলিত হয় ৷

মন্ত্ৰীগৰাকীয়ে আজিৰ আলোচনাত সাংবাদিক সকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বুজ লোৱাৰ লগতে এখন উমৈহতীয়া সমিতি গঠন কৰা গঠনৰ মতপোষণ কৰে৷ একেদৰে সাংবাদিকসকলৰ সকলো সমস্যা তথা বিষয় লিপিবদ্ধ ৰূপত উপস্থাপন কৰিবলৈ আহ্বান জনায় যাতে চৰকাৰে পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা ল’ব পাৰে । মন্ত্ৰী গৰাকীৰ এই আহবানৰ প্ৰতি উপস্থিত থকা সকলো সম্পাদক- কাৰ্যবাহী সম্পাদকে সহাৰি জনায় ৷

এই আলোচনাত ভাগ লয় মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব ধ্ৰুৱ মহন্ত, জনসংযোগ বিভাগৰ আয়ুক্ত-সচিব দিগন্ত বৰা সহ বৈদ্যুতিন মাধ্যম আৰু বাতৰি কাকতৰ সম্পাদক, কাৰ্যবাহী সম্পাদক আৰু বাৰ্তা সম্পাদক সকলে ৷

Exit mobile version