নলবাৰী জৱাহৰ নবোদয় বিদ্যালয়ত অঘটন৷ জিলাখনৰ বানেকুছিত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠানত সংঘটিত হয় এক ঘটনা৷বিদ্যালয়খনৰে শিক্ষকৰ মানস নিৰ্যাতন সহ্য কৰিব নোৱাৰি শিক্ষানুষ্ঠান খনৰে হোষ্টেলত থকা ছাত্ৰ এগৰাকীয়ে আত্মহত্যা প্ৰয়াস কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
আত্মহত্যা প্ৰচেষ্টা চলোৱা ছাত্ৰ গৰাকীয়ে অভিভাৱককে সংশ্লিষ্ট পক্ষক অভিযোগ দিয়াৰ পিছত মানৱ অধিকাৰ আয়োগৰ টিম এটি উপস্থিত হোৱাতহে ঘটনাটো পোহৰলৈ আহে ৷ উত্থাপিত অভিযোগ অনুসৰি জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ অজিত কুমাৰৰ চৰম অৰাজকতা আৰু বেমেজালিৰ বাবে বিদ্যালয়খনত পৰিবেশ ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছিল৷হোষ্টেলত ছাত্ৰীৰ আত্মহত্যা চলোৱা ঘটনাটো পহিলাতে কৰ্তৃপক্ষই গাপ দিয়াৰ প্ৰয়াস কৰিছিল যদিও পিছত অভিভাৱকে অভিযোগ দাখিল কৰে অসম মানৱাধিকাৰ আয়োগত ৷ আনহাতে বিদ্যালয়খনৰ শিক্ষকে হোষ্টেলৰ ছাত্ৰীৰ ওপৰত ধাৰাবাহিকভাৱে অব্যাহত ৰখা শাৰীৰিক আৰু মানসিক নিৰ্যাতন সন্দৰ্ভত উদ্থাপিত অভিযোগ নাকচ কৰি আহিছিল অধ্যক্ষ অজিত কুমাৰে ৷
অভিভাৱক আৰু কতৃৰ্পক্ষৰ অভিযোগ-প্ৰতি অভিযোগৰ মাজতে বিদ্যালয়ত উপস্থিত হোৱা অসম মানৱাধিকাৰ আয়োগৰ খৰটকীয়া তদন্তইহে প্ৰকৃত ঘটনাটো পোহৰলৈ আনিব পবুলি আশা কৰিছে অভিভাৱক আৰু সচেতন মহলে ৷