১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনত আত্ম বলিদান দিয়া মৰিগাঁও জিলাৰ তিনিগৰাকী বীৰ শ্বহীদৰ জীৱন আধাৰিত অজয় কুমাৰ ডেকাৰ ৰচনাৰে দেশৰ স্বাধীনতা দিৱসৰ দিনটোত “ত্ৰিমূৰ্ত্তি-৪২” নামৰ নাটক খনি মঞ্চস্থ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সাঁচিপাত, মৰিগাঁৱৰ সহযোগত “স্বাধীনতাৰ অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি মৰিগাঁও চহৰৰ জিলা পুথিভঁড়াল প্রেক্ষাগৃহত সন্ধ্যা সাঁচিপাত মৰিগাঁৱৰ শিশু শিল্পীসকলৰ দ্বাৰা মঞ্চস্থ কৰা “ত্ৰিমূৰ্ত্তি-৪২” ৰ নাটক খনিয়ে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। নাটখনিৰ সহ-পৰিচালক আৰু নৃত্য পৰিচালক হিচাপে সহযোগিতা আগবঢ়োৱা মৰিগাঁও শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ গুৰুদ্বয় প্ৰসন্ন কুমাৰ মেধি আৰু তাপস বৰদলৈৰ লগতে নাটখনিৰ মঞ্চসজ্জা আৰু শিল্পীসকলৰ সাজ-সজ্জাৰ নিৰ্দেশনা কৰে জ্যোতিষা মহন্তই।জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰা নাটক খনি উদ্ধোধনী অনুষ্ঠানত নাটক খনৰ পৰিচালক অজয় কুমাৰ ডেকা সাঁচিপাত মৰিগাঁৱৰ মুখ্য উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মা, সভাপতি দেৱেশ্বৰ গোস্বামীকে আদি জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। জ্যোতিষা মহন্ত আৰু সাঁচিপাত, মৰিগাঁৱৰ সম্পাদক জ্ঞানমোহন ডেকাই আঁত ধৰা অনুষ্ঠানটোত মঞ্চ সফল নাট “ত্ৰিমূৰ্ত্তি-৪২”ত গুণাভিৰাম বৰদলৈৰ চৰিত্ৰত অভিনয় কৰে অভিজ্ঞান বৰাই, তিলক ডেকাৰ চৰিত্ৰত ৰাজ ডেকাই, হেমৰাম পাতৰৰ চৰিত্ৰত অক্ষজ সিংহ ৰাজাই, মহেন্দ্ৰনাথ হাজৰিকাৰ চৰিত্ৰত ডিউকজিৎ কাশ্যপে, কুটঙীৰ চৰিত্ৰত জিমি ডেকাই, দিনেমাইৰ চৰিত্ৰত জুচিপৰ্ণা ডেকাই, ‘ভাৰত মা’ৰ চৰিত্ৰত শিৱাশ্ৰী মহন্তই। অন্যান্য চৰিত্ৰসমূহত ক্ৰমে টোপাল কাশ্যপ ডেকা, দৰ্পন হাজৰিকা, তুষাঙ্কৰ তামুলী, ড্ৰিম মহন্ত, হিমানজ্যোতি মহন্ত, কৌশিক ডেকা, প্ৰদ্যুম্ন প্ৰতীম ডেকা, ৰিয়ান হাজৰিকা, চিন্ময় ডেকা, জ্যোতিষ্মান ডেকা, দীপ্তাক্ষ সিংহ ৰাজা, শিখি কাকতি, জাহ্নৱী গোস্বামী, নম্ৰতা ডেকা, হৰ্ষিতা ডেকা, বিৰিণা বৰদলৈ, গৰীয়সী বৰা, পাৰিজাত দেৱী, কুমকুম পৰাশৰ ডেকা, জাগৃতি বৰদলৈ, গংগোত্ৰী বৰা, ছায়াস্নিগ্ধা নাথ আৰু ডিম্পী হোকাইয়ে । উল্লেখ্য যে, মৰিগাঁৱৰ তৰুণৰাম খেলপথাৰত জিলা প্ৰশাসনে আয়োজন কৰা ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে উদযাপন কৰা “স্বাধীনতাৰ অমৃত মহোৎসৱ”ৰ অনুষ্ঠানত সাঁচিপাত মৰিগাঁৱৰ আৰু শঙ্কৰী সঙ্গীত বিদ্যালয়, মৰিগাঁৱৰ ৭৫ (পয়সত্তৰ) গৰাকী শিল্পীৰ দ্বাৰা শঙ্কৰী নৃত্য, ভোৰতাল নৃত্য, তিৱা নৃত্য, কাৰ্বি নৃত্য আৰু বিহু নৃত্যৰ মাজেৰে দেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰি ভূয়সী প্ৰশংসা লাভ কৰে।###
স্বাধীনতা দিৱস উপলক্ষ্যে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সাঁচিপাতৰ দশম নিবেদিত নাট “ত্ৰিমূৰ্ত্তি-৪২” মঞ্চস্থ
-
By samimsultana

- Categories: Assam, Environment, News
- Tags: Morigaon District Adminstration
Related Content
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026
Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান
By
publisher
March 10, 2026
Child Kidnapping incident:মহানগৰীৰ হাতীগাঁৱত শিশু অপহৰণৰ ঘটনাক কেন্দ্র কৰি উত্তেজনা
By
publisher
March 10, 2026