৩০ হেজাৰ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে চৰকাৰৰ এছঅ’পি ঘোষণা মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2022 08 17 at 4.56.22 PM

সকলো উৎকণ্ঠাৰ অন্ত পেলাই ৰাজ্যৰ ৩০ হেজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে দিন ঘোষণা কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ কঠোৰ এছ অ পি৷পৰীক্ষা কেন্দ্ৰ সমুহৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি- নিৰ্দেশনা অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰত সম্পূৰ্ণৰূপে বন্ধ থাকিব ইন্টাৰনেট সেৱা ৷ পৰীক্ষাৰ্থীসকলে লগত নিব নোৱাৰিব ম’বাইল ফোন ৷

আজি দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰী সভাগৃহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ কনফাৰেন্স যোগে ৰাজ্যৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ সৈতে পৰীক্ষা নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ সম্পৰ্কত মতবিনিময় কৰে৷মুখ্যমন্ত্ৰীয়ে কয় যে, ৩০ হাজাৰ চাকৰিৰ প্ৰশ্নকাকত লিক হ’লে জিলা উপায়ুক্ত পোনপটীয়াকৈ দায়ী হ’ব বুলি স্পষ্ট কৰি দিয়ে ৷ তদুপৰি মহকুমাধিপতি বা আন গেজেটেড বিষয়া- কৰ্মচাৰীয়ে কামত অৱহেলা কৰাৰ কিবা উমান পালে আগতীয়াকৈ উপায়ুক্তই লওক ব্যৱস্থা ৷ তাৰ পিছতো যদি কিবা খেলিমেলি হ’লেও দায়বদ্ধ হ’ব সংশ্লিষ্ট জিলাৰ উপায়ুক্তজন ৷

মুখ্যমন্ত্ৰীয়ে পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে প্ৰতিটো কেন্দ্ৰত এজন আৰক্ষী উপ- পৰিদৰ্শক নিয়োজিত হৈ থকাৰ বিপৰীতে আৰক্ষী অধীক্ষক গৰাকী জিলাখনৰ সকলো কেন্দ্ৰৰ চুপাৰভাইছ কৰিব৷ ছেবা আৰু আৰক্ষীৰ যৌথ সমন্বয়ত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত হোৱাৰ আশা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ আনহাতে ৰাজ্যৰ মুখ্যসচিব আৰু তেওঁৰ অধীনস্থ সচিব সকলে পৰীক্ষা কেন্দ্ৰ সমুহৰ মণিটৰিং কৰিব দিছপুৰৰ পৰা ৷

উল্লেখ্যযোগ্য যে ২১আগষ্টত পুৱা ১০বজাৰ পৰা ১২ বজালৈ হ’ব লগা পৰীক্ষাত অৱতীৰ্ণ হৈছে চাৰিলাখে৷ পিচবেলা ২ বজাৰ পৰা ৪ বজাত অৱতীৰ্ণ ১.০৬ লাখ,২৮ আগষ্টৰ পুৱা বেলাত ৫.৪লাখ, পিছবেলা ৩লাখ৷ আনহাতে ১১ ছেপ্তেম্বৰত ১৪ হাজাৰ ড্ৰাইভাৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব পুৱা ১০ বজাৰ পৰা দিনৰ ১২বজালৈ৷ ২১ আৰু ৩৮ আগষ্টৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১৪ লাখ ৷
আজি উপায়ুক্তৰে অনুষ্ঠিত হোৱা ভিডিঅ কনফাৰেন্স বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মুখ্য সচিব জে বৰুৱা,আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন সহ উচ্চ পদস্থ বিষয়া ৷

Exit mobile version