গুজৰাটত জব্দ ১০০০ কোটি মূল্যৰ ড্ৰাগছ

পূৰ্বেও জব্দ হৈছিল কে'বাহাজাৰ কোটিৰ ড্ৰাগছ

WhatsApp Image 2022 08 18 at 3.32.48 PM

গুজৰাটৰ ভাৰুচ জিলাৰ অংকলেশ্বত মুম্বাই এণ্টি নাৰ্কটিকছ চেলৰ ৱৰ্লি ইউনিটে অতৰ্কিতে চলোৱা অভিযানত জব্দ হয় এক সহস্ৰাধিক কোটি মুল্যৰ ড্ৰাগছ ৷ লগতে অংকলেশ্ব অঞ্চলত জব্দ কৰা হয় এটা ড্ৰাগছ কাৰখানা ।

দলটোৰ মাৰাথান অভিয়ানত জব্দকৃত ৫১৩ কিলোগ্ৰাম এমডি ড্ৰাগছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১০২৬ কোটি টকা হ’ব নিশ্চিত কৰিছে মুম্বাই এণ্টি নাৰ্কটিকছ চেলে ৷ দলটোৱে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত এগৰাকী মহিলা সহ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

গুজৰাটৰ উপকুলীয় অঞ্চলত চলিত বৰ্ষৰ জুন মাহত কেইবাকোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছিল ৷ একেদৰে ৰাজ্য খনৰ কুচ্চ জিলাত বিএছ এফ আৰু আৰক্ষীয়ে চলোৱা আন এক অভিযানত ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰ সহযোগত এখন পাকিস্তানী নাওৰ পৰা জব্দ কৰে বহু পৰিমাণৰ হে’ৰইন ৷ আনহাতে অভিযানৰ সময়তে ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰে হোৱা সংঘৰ্ষত ৭ জন পাকিস্তানী ড্ৰাগছ সৰবৰাহকাৰী নিহত হয় ৷

ইয়াৰ পূৰ্বে জুন মাহত গুজৰাটৰ সাগৰীয় অঞ্চলত জব্দ কৰা হৈছিল কোটি কোটি টকাৰ ড্ৰাগছ। গুজৰাটৰ কুচ্চ জিলাৰ জাখোৱা জিলাত বি এছ এফ আৰু কুচ্চ আৰক্ষীয়ে যুটীয়া অভিযানত বিপুল পৰিমাণৰ হেৰ’ইন জব্দ কৰিছিল । এই কাৰ্যত গুজৰাট এটিএছ আৰু ইণ্ডিয়ান ক’ষ্ট গাৰ্ডে পাকিস্তানী নাওৰে ৭ গৰাকী পাকিস্তানীক হত্যা কৰিছিল । যোৱাবৰ্ষৰ ছেপ্তেম্বৰ মাহটো ধনকুবেৰ গৌতম আদানী গ্ৰুপৰ অধীনস্থ মুন্দ্ৰা বন্দৰত জব্দ কৰা হৈছিল ২১ হাজাৰ কোটি মুল্যৰ ৩০০০ কিলোগ্ৰাম ড্ৰাগছ ৷ একেদৰে চলিত বৰ্ষৰ মে’ আৰু জুলাই মাহত ক্ৰমে ৫৬ আৰু ৭৫ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছিল ৷

Exit mobile version