চীনৰ পশ্চিমাঞ্চলত প্ৰলয়ংকাৰী বান, ১৬ জনৰ মৃত্যু

অৰ্ধ শতাধিক সন্ধানহীন

china flood

চুবুৰীয়া দেশ চীনৰ বিভিন্ন স্থানত যোৱা এপষেক ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত বহুবোৰ স্থানত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

দেশখনৰ পশ্চিম কিংহাই প্ৰদেশত সংঘটিত হোৱা প্ৰলংকাৰী বানত মৃত্যু হয় প্ৰায় ১৬ জন লোক ৷

আনহাতে, সন্ধানহীন হৈ আছে ৩৬ জন লোক ৷ ধাৰাসাৰ বৃষ্টিপাতৰ বাবে হোৱা ভূমিস্খলনত পাহাৰীয়া অঞ্চল সমুহৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ৷

ডাটং হুই আৰু টু স্বায়ত্তশাসিত চহৰতো দহফুট পৰ্যন্ত পানী হয় ৷ বহু বাসগৃহৰ প্ৰথম মহলা পানীত ডুব যোৱাৰ লগতে বানত আৱদ্ধ আবাসী সকলক জিনিং চহৰৰ দুৰ্যোগ প্ৰশমন বিভাগে নাও আৰ বটৰে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে ৷

Exit mobile version