ভূমিপুত্র নহ’লেও পাব ভোটাধিকাৰ, জম্মু আৰু কাশ্মীৰত ঐতিহাসিক ঘোষণা নির্বাচন আয়োগৰ

polls 4

ভূমিপুত্র নহ’লেও পাব ভোটাধিকাৰ । জম্মু আৰু কাশ্মীৰ সন্দৰ্ভত ঐতিহাসিক ঘোষণা নির্বাচন আয়োগৰ । বুধবাৰে কেন্দ্রশাসিত প্রদেশখনৰ মুখ্য নির্বাচনী বিষয়া হৃদেশ কুমাৰে জনায়, ৰাজ্যত বসবাসকাৰী দেশৰ অন্যপ্রান্তৰ লোকেও এইবাৰ ভোটাধিকাৰ পাব । ইপিনে, এই ঘোষণাৰ পাছৰ পৰাই আৰম্ভ হৈছে বিতর্ক । প্রতিবাদত সৰৱ হৈছে উপত্যকাৰ ৰাজনৈতিক দলসমূহ ।

যোৱা মে’ত জম্মু আৰু কাশ্মীৰত আসন পুনর্বিন্যাস প্রক্রিয়া সমাপ্ত হৈছিল । তেতিয়াৰ পৰাই চলিত বছৰৰ শেষৰফালে জম্মু আৰু কাশ্মীৰত (Jammu & Kashmir) নির্বাচন অনুষ্ঠিত হ’ব পাৰে বুলি অনুমান কৰা হৈছিল । দ্রুত নির্বাচনৰ দাবীও জনাইছিল ৰাজনৈতিক দলসমূহে । অৱশেষত সকলো জল্পনাৰ সমাপ্তি ঘটিল । বিৰোধী পক্ষৰ চাপ সত্ত্বেও চলিত বছৰত সম্ভৱত নির্বাচন অনুষ্ঠিত নহয় এই কেন্দ্রশাসিত প্রদেশত । নির্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা প্রকাশৰ তাৰিখ প্রায় এমাহ পিছুৱাই দিয়াতেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ।

এনে সময়ত প্রদেশখনৰ মুখ্য নির্বাচনী বিষয়া হৃদেশ কুমাৰে কয়, “ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে ডমিছাইল চার্টিফিকেট নালাগিব । জম্মু আৰু কাশ্মীৰত কর্মৰত সশস্ত্র বাহিনীৰ জৱানসকলেও ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব । তদুপৰি, বিদেশৰ পৰা অহা বৃত্তিধাৰী, শিক্ষাৰ্থীসকলেও ভোট দিব পাৰিব ।” তেওঁ আৰু জনায়, এই নতুন সিদ্ধান্তৰ ফলত নতুনকৈ প্রায় ২৫ লাখ লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’ব ।

ইপিনে, এই ঘোষণাৰ পাছতেই প্রতিবাদত সৰৱ হৈছে জম্মু আৰু কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ওমৰ আব্দুল্লা আৰু মেহবুবা মুফতি । তেওঁলোকৰ অভিযোগ, বহিঃৰাজ্যৰ পৰা ভোটাৰ আমদানি কৰি নির্বাচনৰ ফলাফল প্রভাৱিত কৰিবলৈ এই পদক্ষেপ লৈছে কেন্দ্রৰ বিজেপি চৰকাৰে । টুইটাৰ হেণ্ডেলত ওমৰ আব্দুল্লাই লিখে, “জম্মু আৰু কাশ্মীৰৰ প্ৰকৃত ভোটাৰসকলৰ সমর্থনক লৈ বিজেপিয়ে ইমান অনিশ্চয়তাত ভুগিছে নেকি যে আবলৈ পাবলৈ বাহিৰৰ পৰা ভোটাৰ আনিবলগীয়া হৈছে ? মানুহক ভোট দিয়াৰ সুযোগ দিলে এইবোৰ বিজেপিৰ কামত নাহে ।”

উল্লেখ্য, কাশ্মীৰৰ বিশেষ মর্যাদা স্থগিত হোৱাৰ পাছত দেশৰ অন্য ৰাজ্যৰ দৰেই নিয়ম আৰম্ভ হৈছে ইয়াত । কিন্তু ইয়াৰ ফলত জনবিন্যাস আৰু ৰাজ্যৰ স্বকীয় পৰিচয় নষ্ট হ’ব বুলি অভিযোগ পিডিপি তথা নেছনেল কণফাৰেন্সৰ দৰে আঞ্চলিক দলসমূহেও ।

বিশ্লেষকসকলৰ মতে, কাশ্মীৰত ৩৭০ ধাৰা স্থগিত হোৱাৰ পাছত প্রভাৱশালী মুফ্‌তি আৰু আব্দুল্লা পৰিয়াল কার্যত কোণ্ঠাসা । এনে পৰিস্থিতিত নির্বাচন আয়োগৰ নতুন ঘোষণা আৰু আসন পুনর্বিন্যাস প্রক্রিয়াৰ ফলত নির্বাচনত কিছু লাভবান হ’ব গেৰুৱা শিবিৰ ।

তাৎপর্যপূর্ণভাৱে, জম্মু আৰু কাশ্মীৰৰ বিশেষ মর্যাদা স্থগিত কৰাৰ লগতে কেন্দ্রশাসিত অঞ্চল দুখনৰ বাবে নতুন ‘ডমিছাইল’ আইন প্রণয়ন কৰে কেন্দ্র । এই আইন মানিয়ে ২০২০ত ১২ লাখ ৫০ হেজাৰ মানুহক দিয়া হৈছে ডমিছাইল চার্টিফিকেট । সেই প্রক্রিয়া এতিয়াও অব্যাহত আছে ।

Exit mobile version