China-Taiwan Conflict : চীনা যুদ্ধবিমান জে-২০-ৰ প্ৰত্যুত্তৰত এফ-১৬ভি মোতায়েন টাইৱান বায়ুসেনাৰ

নির্দিষ্ট সময়সীমা পাৰ হৈ যোৱাৰ পাছতো টাইৱানক লৈ সামৰিক মহৰা অব্যাহত ৰাখিছে চীনৰ পিপলছ লিবাৰেছন আর্মি (পিএলএ)য়ে । এনে পৰিস্থিতিত সম্ভাব্য চীনা আক্ৰমণৰ প্রতিৰোধত চূড়ান্ত সামৰিক প্রস্তুতি আৰম্ভ কৰিলে টাইৱানে । চীনা বিমানবাহিনীৰ ‘ষ্টেলথ এয়াৰ ছুপিৰিঅ’ৰিটি ফাইটাৰ’ জে-২০-ৰ মোকাবিলাত এইবাৰ আমেৰিকাত তৈয়াৰ অত্যাধুনিক যুদ্ধবিমান এফ-১৬ভি মোতায়েনৰ ‘বার্তা’ দিলে টাইপেইয়ে ।

টাইৱান বায়ুসেনাৰ তৰফৰ পৰা বুধবাৰে পূৱ হুৱালিয়েন কাউন্টিৰ এটা বিমানঘাটিত ‘যুদ্ধ প্রস্তুতি’ৰ ছবি প্রকাশ কৰা হৈছে । তাত দেখা গৈছে, জাহাজ বিধ্বংসী ক্ষেপণাস্ত্রত সজ্জিত এফ-১৬ ভি-ৰ ছবি । চীন সাগৰৰ ‘দ্বীপৰাষ্ট্রৰ’ দাবী, অস্ত্রসজ্জিত ছটা যুদ্ধবিমানে নিশা টহলদাৰী উৰনো চলাইছে । টাইৱানৰ প্রতিৰক্ষা দপ্তৰে এটা বিবৃতিত জনাইছে, ‘চীনা কমিউনিষ্ট বাহিনীৰ আগ্রাসনৰ পৰা দেশৰ সার্বভৌমত্ব ৰক্ষা কৰিবলৈ যুদ্ধৰ প্রস্তুতি আৰম্ভ কৰিছো আমি’ ।

প্রসংগত, চীনে জে-২০-কে ‘সম্পূর্ণ ষ্টেলথ’ (ৰ’ডাৰ টহলদাৰী ফাঁকি দিবলৈ সক্ষম) বুলি দাবী কৰিলেও মার্কিন আৰু ইউৰোপীয় বিশেষজ্ঞসকলৰ অধিকাংশৰেই এই বিষয়ত সংশয় আছে । তেওঁলোকৰ মতে, চীনা বিমানখন ‘আংশিক ষ্টেলথ’ । বস্তুত, ভাৰতীয় বায়ুসেনাৰ ছুখই-৩০ এমকেআই-য়ে ফাইটাৰ জেটৰ ৰাডাৰ সীমান্তত জে-২০-ৰ গতিবিধি কে’বাবাৰো চিহ্নিত কৰিছে । টাইৱানৰ এফ-১৬ভি-ৰ পূর্বসূৰী এফ-১৬ ছুপাৰ ফেলকন ভাৰতীয় বায়ুসেনাৰ অন্তর্ভুক্তিৰ বিষয়ত এক দশক পূৰ্বে নতুন দিল্লী-ৱাশ্বিংটন আলোচনা হৈছিল । অৱশেষত ফ্রান্সত নিৰ্মিত ৰাফেল বাছি লোৱা হয় ।

চলিত মাহৰ আৰম্ভণিতে আমেৰিকাৰ কংগ্রেছৰ নিম্নকক্ষ হাউছ অৱ ৰিপ্রেজেন্টেটিভছৰ অধ্যক্ষ নেন্সি পেল’ছিৰ টাইৱান ভ্ৰমণক কেন্দ্র কৰি যি উত্তেজনা আৰম্ভ হৈছিল, এতিয়াও তাৰ প্ৰভাৱ কমা নাই । টাইৱান প্রণালীসহ দক্ষিণ চীন সাগৰৰ বিভিন্ন অংশত চীনা ৰণতৰী আৰু ‘এম্ফিবিয়ান লেণ্ডিং ভেহিকলছ’ মোতায়েন কৰিছে । পৰমাণু অস্ত্র বহনত সক্ষম ডুবাৰু জাহাজো মোতায়েন কৰা হৈছে । এনে পৰিস্থিতিত চীনা নৌবহৰৰ মোকাবিলা কৰিবলৈ এফ-১৬ভিয়ে কার্যকৰ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি সামৰিক বিশ্লেষকসকলৰ একাংশৰ মত ।

Exit mobile version