Fire in Algeria : আলজেৰিয়াত ভয়ংকৰ বনজুই, মৃত ২৬

bigstock forest fire at night wildfire 362250856 1 1614314678241

সৰ্বত্ৰ বিয়পি পৰিছে বনজুই । ইউৰোপৰ পাছত আফ্রিকাতো বিয়পি পৰিছে । এইবাৰ আলজেৰিয়াতো বিয়পি পৰিছে ভয়াৱহ বনজুই । টিউনিছিয়াৰ সীমান্তৰ কাষত আলজেৰিয়াৰ এল টার্ফ, ছেফিতসহ আৰু কে’বাটাও অঞ্চলত বিয়পি পৰিছে এই জুই । ইয়াৰ ফলত এই পর্যন্ত ২৬ জনৰ মৃত্যু হৈছে । আলজেৰিয়াৰ গৃহ মন্ত্রী কামেল বেল্ডজুডে জনায়, বিয়পি পৰা বনজুই ৰোধ কৰিবলৈ অগ্নিনির্বাপক দলে চেষ্টা অব্যাহত ৰাখিছে । হেলিকপ্টাৰৰ সহায়ত অগ্নিনির্বাপক বাহিনীয়ে জুই নোমাইছে ।

বনজুইৰ বাবে বিভিন্ন প্রদেশৰ পৰা ৩৫০ জনক স্থানান্তৰ কৰা হৈছে । এল টার্ফ অঞ্চলৰ অৱস্থা আটাইতকৈ শোচনীয় । তাত জুই দ্রুত বিয়পি পৰিছে । ছেফিত অঞ্চলত ৫৮ বছৰ বয়সৰ এগৰাকী মহিলা আৰু তেওঁৰ ৩৬ বছৰ বয়সৰ মহিলাৰ এই জুইত মৃত্যু হৈছে । জুই এতিয়া এই অঞ্চলৰ বিভিন্ন গাঁৱত বিয়পি পৰিছে ।

উত্তৰ আফ্রিকাৰ দেশ আলজেৰিয়া অঞ্চলৰ বনত প্রতি বছৰে জুই লাগে আৰু বিভিন্ন অঞ্চলত বিয়পি পৰে । বিগত বছৰত ৯০ জন লোকৰ মৃত্যু হৈছিল বনজুইত; এক লাখ হেক্টৰৰো অধিক বনভূমি জ্বলি গৈছে । পার্বত্য আলজেৰিয়াত পানীৰ সমস্যাও আছে । তাপমাত্রা বঢ়িছে দৈনন্দিন । তাৰ মাজতেই বনজুই বিয়পি পৰিছে । ইউৰোপৰ বহু অঞ্চলত জুই বিয়পি পৰিছে । এইবাৰ জুই বিয়পিল আফ্রিকাতো ।

পৰিৱেশবিদসকলৰ মতে, গোলকীয় উষ্ণতাৰ ফলতেই এনে হৈছে । জলবায়ুৰ যি বিপুল পৰিৱর্তন ঘটিছে, সেয়া ইতিমধ্যে সকলো মহলেই বুজিছে । কিন্তু কেৱল বুজিলেইতো নহ’ব, দ্রুত পদক্ষেপ গ্ৰহণ কৰিব লাগিব । দ্ৰুত পদক্ষেপ গ্ৰহণ নকৰিলে ভৱিষ্যতে আৰু ভয়াৱহতাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে বিশ্ব‌‌ই, পৰিৱেশে, জীৱবৈচিত্র‌, সমাজেও ।

Exit mobile version