Kabul Explosion : নামাজ পঢ়ি থকাৰ সময়তে কাবুলৰ মছজিদত বিস্ফোৰণ, নিহত প্ৰা‌য় ২১, আহত ৪০

f0e8jhog afghanistan mosque blast afp

কাবুলত এটা মছজিদত ভয়াৱহ বিস্ফোৰণ ঘটে । প্ৰায় ২১ জন নিহত হৈছে বুলি শংকা কৰা হৈছে । আহত প্ৰায় ৪০ । অৱশ্যে হতাহতৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে । মৃতসকলৰ ভিতৰত মছজিদটোৰ ইমামো আছে ।

স্থানীয় আৰক্ষীয়ে জনাইছে, বিস্ফোৰণৰ তীব্রতা ইমানেই আছিল যে আশ-পাশৰ ঘৰবোৰো কঁপি উঠে । ঘটনাস্থলত দ্রুত এম্বুলেন্স উপস্থিত হয় । আহতসকলক উদ্ধাৰ কৰি স্থানীয় হাস্পাতালত প্ৰেৰণ কৰা হয় ।

এগৰাকী তালিবান বিষয়াই জনাইছে, কাবুলৰ খাইৰখানা অঞ্চলত মছজিদত নামাজ পঢ়ি থকাৰ সময়তে এই বিস্ফোৰণ হয় । ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ হৈছে ।

Exit mobile version