ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আগমণ বাংলা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

WhatsApp Image 2022 08 19 at 4.22.30 PM

প্ৰতিবেশী দেশ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ছেপ্তেম্বৰৰ পহিলা সপ্তাহতে ভাৰতলৈ আহিব ৷ ৬ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰত ভ্ৰমণৰ সময়ত ৰাজস্থানৰ আজমীৰ শ্বৰীফ দৰগাহ পৰিদৰ্শন কৰাৰ কথা। ইয়াৰ পূৰ্বেও তেওঁ ২০১৭ত আজমীৰ শ্বৰীফলৈ গৈছিল।

উল্লেখ্য যে বংগবন্ধু তথা বাংলাদেশৰ প্ৰতিষ্ঠাপক মজিবুৰ ৰহমানক ঢাকাত আততায়ীয়ে হত্যাৰ পিছতে অশান্তময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই তেওঁৰ পিতৃ শ্বেইখ মুজিবুৰ ৰহমানক হত্যা কৰাৰ পিছতে ১৯৭৫ চনৰ পৰা ১৯৮১ চনলৈ ভাৰতত আশ্ৰয় লৈ আছিল ৷ ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে শ্বেখ হাছিনা আৰু তেওঁ ভগ্নীক ভাৰতত আতিথ্য দিছিল ৷

দিল্লীত থকা কালছোৱাত হাছিনাই প্ৰায়ে নিজামুদ্দিন দৰগাহ পৰিদৰ্শন কৰিছিল ৷ বাংলা প্ৰধানমন্ত্ৰী গৰাকীৰ তিনিদিনীয়া ভ্ৰমণত ১৯৬৫ চনৰ পূৰ্বৰ ৰে’ল সংযোগ আৰু অন্যান্য সংযোগ পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰে এক বৈঠকত মিলিত হোৱা কথা ৷

২০২১ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোদীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ তৃতীয়খন যাত্ৰীবাহী ৰে’ল সেৱা ‘মিতালী এক্সপ্ৰেছ’ উদ্বোধন কৰিছিল৷

Exit mobile version