ভাৰতীয় স্পীড কুইন ঝুলন গোস্বামীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

WhatsApp Image 2022 08 20 at 5.00.12 PM

ভাৰতৰ মহিলা ক্ৰিকেট দলৰ স্পীড কুইন ঝুলন গোস্বামীয়ে অৱসৰ ল’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ৷ ইংলেণ্ডৰ ৰাজধানী লণ্ডনৰ লৰ্ডছত ২৪ ছেপ্টেম্বৰত ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া এদিনীয়া মেচখনেই হ’ব বেগী বলাৰ গৰাকীৰ হ’ব কেৰিয়াৰৰ শেষৰ খন আন্তঃৰাষ্ট্ৰীয় মেচ ।

মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা ঝুলন গোস্বামীয়ে বিগত বিশবছৰ ধৰি ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি আহিছে । শেহতীয়াকৈ বহু বিৰতিৰ পিছত ভাৰতীয় দলত স্থানলাভ কৰি ইংলেণ্ডৰ বিৰুদ্ধে খেলাৰ সুযোগ লাভ কৰে ৷ উল্লেখ্য যে ইংলেণ্ড অভিমুখী ভাৰতীয় মহিলা দলটোৱে ইংলিছ টিমটোৰ বিৰুদ্ধে তিনিখন টি-২০ এদিনীয়া মেচত ভাগ ল’ব ঝুলন গোস্বামী ৷
২০০২ ত ইংলেণ্ডৰ বিৰুদ্ধে অভিষেক হৈছিল প্ৰথমখন এদিনীয়াৰ জৰিয়তে ৷ কেৰিয়াৰত খেলা মুঠ টেষ্টৰ সংখ্যা ১২ ৰ বিপৰীতেএদিনীয়া ২০১ আৰু টি- ২০ মেছ ৬৮৷ আনহাতে কিংবদন্তি ক্ৰিকেটাৰ গৰাকীৰ এদিনীয়াত ২৫২,টেষ্টত৪৪ আৰু টি-২০মেচত ৫৬ টা উইকেট দখলৰ ৰেকৰ্ড আছে ৷
গোস্বামীৰ ওপৰত বলিউডত নিৰ্মাণ কৰা হৈছিল এখন চলচ্চিত্ৰ ৷

Exit mobile version