ৰসগোল্লাৰ পৰিৱৰ্তে এইবাৰ মাঘবিহুত লাড়ু-পিঠা খাওক : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

assam cm himanta biswa sarma urges pm modi to transfer ongcs northeast acreages to oil

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক মাঘবিহু উপলক্ষে সকলো লোকক লাড়ু-পিঠা খাবলৈ আহ্বান জনায় । এই নিয়মৰ যোগেদি নিজৰ সংস্কৃতি, পৰম্পৰা ৰক্ষা হোৱাৰ লগতে আই মাতৃসকলে তৈয়াৰ কৰা লাড়ু-পিঠাৰ চাহিদা বৃদ্ধি পাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

যেনেকৈ এইবাৰ আজাদী কি অমৃত মহোৎসৱত হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰি তুলিছিল ঠিক তেনেকৈ ৰচগোল্লাৰ পৰিৱৰ্তে লাড়ু-পিঠা তৈয়াৰ কৰি অসমৰ অৰ্থনৈতিক ভেঁটি টনকিয়াল কৰিবলৈ আহ্বান জনায় ।

একেদৰে বহাগ বিহুৰ সময়তো বহি: ৰাজ্যৰ গামোচা ব্যৱহাৰ নকৰি ঘৰতে বৈ ওলোৱা জাতিৰ মান গামোচাখন ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে । যিধৰণে ৰাজ্যৰ আই মাতৃসকলে ঘৰতে তৈয়াৰ কৰা তিৰংগা বিক্ৰী কৰি অৰ্থনৈতিকভাৱে লাভাম্বিত হৈছিল ঠিক তেনেকৈ বিহুৰ বতৰত ঘৰতে তৈয়াৰ কৰা গামোচা বিক্ৰী কৰিও আই মাতৃসকল লাভাম্বিত হ’ব পাৰিব । আজি আহ্বান জনোৱা এই সংকল্পক অসমবাসীয়ে বাস্তবায়িত কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ।

Exit mobile version