পত্নী হত্যাকাৰীক জেললৈ প্ৰেৰণ আৰক্ষীৰ

WhatsApp Image 2022 08 22 at 9.18.33 PM

দৰঙৰ খাৰুপেটীয়াৰ পত্নী হত্যাকাৰী  ফুলমামুদ ওৰফে বাবুক আৰক্ষীয়ে আজি জেললৈ প্ৰেৰণ কৰে ৷ কালিৰ পৰা খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে বাবুক চলোৱা জেৰাত আৰু আজি সাংবাদিকৰ আগত পত্নী ৰহিমা খাতুনক কুঠাৰেৰে নিৰ্মমভাবে হত্যা কৰিছে বুলি স্বীকাৰোক্তি দিয়ে ৷ লগতে পত্নী ৰহিমা গৰ্ভৱতী নাছিল বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ কি কাৰণত পত্নীক হত্যা কৰা হল বুলি শোধা এক প্ৰশ্নৰ উত্তৰত হত্যাকাৰী স্বামীয়ে নিজকে বচাবলৈ নিশা পত্নীক অন্য যুৱকৰে বিচনাত দেখা পাই কুঠাৰেৰে হত্যা কৰিছে বুলি মিছা অভিযোগ উত্থাপন কৰে ৷ ৰহিমাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বাবুৰ বিৰুদ্ধে ২১০/২২ নম্বৰত আৰু ৩০২/৩৪ ধাৰত গোচৰ এটা পঞ্জীয়ন কৰি আজি জেইল হাজোতলৈ প্ৰেৰণ কৰে ৷

Exit mobile version