শিক্ষা মন্ত্ৰীৰ সাহাৰ্য্য পত্ৰৰ প্ৰতি পূৰ্ণ সমৰ্থন কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ !

WhatsApp Image 2022 08 22 at 8.29.27 PM

 অসমৰ ৰাজনৈতিক মহলত আজিৰ দিনটোৰ এটা চৰ্চিত খবৰ হৈছে পুনৰ এজন কংগ্ৰেছী নেতাই বিজেপি গমন কৰিব নেকি ? বৰ্তমান বিৰোধী শূণ্য হৈ পৰা ৰাজ্য চৰকাৰৰ আনুগত্য লাভ কৰিবলৈ এতিয়া যেন কংগ্ৰেছৰ মাজত হেতা-ওপৰা লাগিছে । বিগত দুদিন পূৰ্বে পুনৰ বিজেপি দললৈ ৬-৭ জন কংগ্ৰেছী যোৱাৰ কুচকাৱাজ চলিছে বুলি খবৰ ওলোৱাৰ মাজতে আজি কংগ্ৰেছৰ অন্যতম শক্তিশালী নেতা প্ৰদ্যুৎ বৰদলৈৰ এটা মন্তব্যই এতিয়া অধিক গৰম কৰিছে ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণ । যোৱা ২০ আগষ্টত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু-এ সকলো প্ৰাক্তন ছাত্ৰ তথা এন জি অ’ৰ পৰা বিদ্যালয়ৰ উন্নয়নৰ বাবে সাহাৰ্য্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল । যিখন পত্ৰক লৈ চৰকাৰৰ লাওলোৱা অৱস্থা হোৱা বুলি একাংশই সমালোচনাৰে থকা-সৰকা কৰা দেখা গৈছিল । বৰ্তমান চৰকাৰৰ অৰ্থনৈতিক মন্দাবস্থাক লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ মাজতে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শিক্ষা মন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমৰ্থন কৰা কাৰ্যই এতিয়া ৰাজ্যবাসীৰ চকু কপালত তুলিছে ।

 সাংবাদিকৰে হোৱা মুখামুখিত কংগ্ৰেছী সাংসদ গৰাকীয়ে এই কথা স্পষ্ট কৰি কয় যে , শিক্ষামন্ত্ৰীৰ এই পত্ৰ মই পঢ়া নাই যদিও বিদ্যালয় সৱলীকৰণৰ বাবে চৰকাৰে সহায় বিচৰাতো কোনো অপৰাধ নহয় । বিশেষকৈ নিজে পঢ়ি অহা বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰতি সকলোৰে দায়িত্ব থাকে । গতিকে চৰকাৰে আগবঢ়োৱা এই বিদ্যাঞ্জলি আঁচনিখনৰ যোগেদি ৰাইজৰ অংশীদাৰিত্ব আৰু দায়িত্ব বাঢ়িব । বিদ্যালয়ৰ বাবে বৰঙণি বিচৰাতো এটা মৰ্ডাণ কনচেপ্ট । সাংসদ গৰাকীৰ এই মন্তব্যৰ পিছতেই পুনৰ অসমৰ ৰাজনীতিত বিৰোধীৰ ভৃমিকা একেবাৰে নি:শেষ হ’ল বুলি চৰ্চা চলাৰ লগতে সাংসদ গৰাকীৰ এইয়া বিজেপি যাত্ৰাৰ আৰম্ভণি বুলি অভিহিত কৰিছে ।

Exit mobile version