ৰাজ্যৰ শিক্ষাখণ্ডত উন্মোচিত হৈছে ভয়ংকৰ তথ্য,৮০ খন বিদ্যালয়ত নাই এজনো শিক্ষক,কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিলে ভুৱা তথ্য

WhatsApp Image 2022 08 22 at 8.08.18 PM

দিল্লীৰ চকুতলগা শিক্ষাখণ্ডৰ লগত তুলনা কৰা অসম চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ এক পুতৌলগা অৱস্থা উন্মোচিত হৈছে । ৰাজ্যৰ সৰ্বশিক্ষা অভিযানে ৰাজ্যখনৰ শিক্ষাখণ্ডৰ প্ৰকৃত ছবি ঢাকিবলৈ আশ্ৰয় লৈছে মিথ্যাচাৰৰ । দীৰ্ঘদিন ধৰি ৰাজ্যত কমেও ৮০ খনকৈ প্ৰাথমিক বিদ্যালয়ত এজনো শিক্ষক নথকাৰ পিছতো ভুৱা তথ্য দাখিলেৰে এখন ওলোটা ছবি দাঙি ধৰি এক প্ৰকাৰ যেন অসমৰ শিক্ষা ব্যৱস্থাটোক আৰু এঢাপ তললৈ লৈ গ’ল । ৰাজ্যৰ শিক্ষাখণ্ডৰ এখন উন্নত প্ৰতিচ্ছবি দাঙি ধৰিবলৈকে ইউডাইছ ২০২১-২২ ত এই ভুৱা তথ্য দাখিল কৰা বুলি অভিযোগ উত্থাপন হৈছে । যিটো সময়ত চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহত ইংৰাজী ভাষা অন্তৰ্ভুক্ত কৰি বে-চৰকাৰী বিদ্যালয়ৰ সৈতে ফেৰ মাৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ,তেনে সময়তে ৰাজ্যৰ ৮০ খন প্ৰাথমিক বিদ্যালয়ত এজনো শিক্ষক নথকা তথ্যই ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই দিলে ।

স্মৰ্তব্য যে , বৰ্তমান প্ৰাথমিক বিদ্যালয়ত ইংৰাজী মাধ্যমত পাঠদান কৰিবলৈ শিক্ষক নথকা বিষয়টো ভাবিবলৈ সময় নথকা ৰাজ্যৰ শিক্ষা বিভাগে কাগজে-কলমে শিক্ষক সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰক এখন বিপৰীত ছবি তুলি ধৰিছে । ইফালে প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নত কৰিবলৈ মাৰ বান্ধি থিয় হোৱা বুলি ঘোষণা সময়তে ৰাজ্যত এতিয়াও ৪৭০২ খন বিদ্যালয়ত মাত্ৰ একোজনকৈ শিক্ষকে শিক্ষা দান কৰি আছে । ফলত শিক্ষকজনে ছুটি ললেই একপ্ৰকাৰ বন্ধ হৈ পৰে বিদ্যালয় । এনে বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ অতিৰিক্ত চাউল বিক্ৰী কৰি পোৱা ধনেৰে ভাড়ালৈ শিক্ষক আনি শিক্ষাদান কৰাই আহিছে । ৰাজ্যত শিক্ষা ব্যৱস্থাৰ এনে পুতৌলগা অৱস্থাৰ পিছতো সৰ্বশিক্ষা অভিযান মিছনে সকলো সঁচা ছবি ঢাকিবলৈ তৎপৰ হৈ পৰিছে ।

উল্লেখযোগ্য যে যোৱা মাহত সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালকে ৰাজ্যৰ ৮০ খন প্ৰাথমিক বিদ্যালয়ত যে শিক্ষক শূণ্য হৈ আছে আৰু ৪৭০২ বিদ্যালয় যে একোজনকৈ শিক্ষকে পাঠদান কৰি আছে ,এই সমূহ তথ্য ঢাকিবলৈ প্ৰতিখন জিলাৰ মিছন সমন্বয়কক নিৰ্দেশনা জাৰি কৰিছিল । ইয়াৰোপৰি অসমৰ এই শোচনীয় শিক্ষা ব্যৱস্থাৰ কথা কেন্দ্ৰীয় চৰকাৰে যাতে ঘূণাক্ষৰেও গম নাপাই সেয়া নিশ্চিত কৰিবলৈ শিক্ষক সংলগ্নকৰণেৰে ,সকলো বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক থকা দেখুৱাবলৈ এই তৎপৰতা আৰম্ভ কৰে । ইফালে শিক্ষা মিছনৰ সঞ্চালকে দিয়া নিৰ্দেশনা পিছতে অধিকাংশ জিলাত শিক্ষক সংলগ্নকৰণ কৰা হয় যদিও কিছু সংখ্যক বিদ্যালয়ে ১৭ আগষ্ট পৰ্যন্ত পৰ্যাপ্ত শিক্ষক থকাতো দেখুৱাবলৈ সক্ষম নহয় । যাৰ পৰিপ্ৰেক্ষিতত দিকভ্ৰান্ত হোৱা শিক্ষাৰ মিছন সঞ্চালকে যোৱা ১৭ ,আগষ্টত নলবাৰী, মৰিগাঁও আৰু তামোলপুৰ জিলাক বাদ দি আটাইকেইখন জিলাৰ মিছন সমন্বয়কলৈ এক জৰুৰী পত্ৰ যোগে নিৰ্দেশনা দিয়ে যে পূৰ্বে দিয়া নিৰ্দেশনা স্বত্বেও এইপৰ্যন্ত ১৮ খন বিদ্যালয়ত এজনো শিক্ষক নথকাৰ ৮৭৬ খন বিদ্যালয় একোজনকৈ শিক্ষকেৰে চলি আছে ।

গতিকে ঠিকা ভিত্তিত শিক্ষক অথবা ষ্টেটফুল শিক্ষক সংলগ্ন কৰি হলেও এই বিদ্যালয় কেইখনত ১৯ আগষ্টৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক থকা বুলি তথ্য দাখিল কৰিব লাগিব । ইয়াৰ যোগেদি আচলতে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰিবলগীয়া ‘ইউনিফাইড ড্ৰিষ্ট্ৰিক্ট ইনফৰমেশ্যন চিষ্টেম ফৰ এডুকেশ্যন প্লাছ’ ৰ প্ৰতিবেদনত যাতে অসমৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ ওলাই নপৰে ,তাৰবাবেই এই ভুৱা তথ্য দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ।

Exit mobile version