আমছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়নত বাধাপ্ৰদান আৰক্ষীৰ

WhatsApp Image 2022 08 23 at 8.52.52 PM

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছুৰ) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে প্ৰতিবাদ কাৰী সকল জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ৷ কিন্ত জিলা খনত ১৪৪ ধাৰা অব্যাহত থকাৰ বাবে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে বিশ্বনাথ আৰক্ষীয়ে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বাকযুদ্ধ হয় যদিও অৱশেষত অৱস্থান ধৰ্মঘট কাৰ্যসূচী বাতিল কৰে প্ৰতিবাদকাৰী সকলে । পিছত জিলা দণ্ডাধীশৰ উপস্থিতিত জিলা উপায়ুক্তৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ
মুখ্যমন্ত্ৰীলৈ  প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ।

Exit mobile version