এছিয়ান চেঞ্চুৰীক লৈ ভাৰত – চীনৰ সম্পৰ্ক তিক্ততাপূৰ্ণ সংঘাতৰ পৰিৱৰ্তে উন্নয়নক লৈ আলোচনাৰ প্ৰয়োজনীয়তা দোহাৰিলে এছ জয়শংকৰে

WhatsApp Image 2022 08 23 at 2.23.24 PM

চুবুৰীয়া ৰঙা চীনৰ সৈতে অৰুণাচল আৰু উত্তৰাখণ্ড, আৰু কাৰ্গিলৰ লাডাখৰ সীমান্তত অব্যাহত থকা সীমান্তক লৈ ভাৰত-চীনৰ সম্পৰ্ক শেহতীয়াকৈ যথেষ্ট অৱনতি ঘটিছে । লাডাখৰ সীমাৰ পৰা চীনা সৈন্য প্ৰত্যাহাৰৰ ক্ষেত্ৰত চীনে লোৱা নাই কোনোধৰণৰ ৷ এনে ঘটনা ক্ৰমৰ মাজতে ‘এছিয়ান চেঞ্চুৰী’ সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কৰা বিশেষ মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক প্ৰকাশ কৰিছে বেইজিঙে৷ উল্লেখ্য যে ‘এছিয়ান চেঞ্চুৰী’ শব্দটো উদ্ভাৱন কৰিছিল চীনৰ শীৰ্ষ নেতা ডেং জিয়াও পিঙ আৰু তদানীন্তন ভাৰতীয় প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ যৌথ এক বৈঠকে ৷ সেই বৈঠক খন অনুষ্ঠিত কৰিছিল ১৯৮৮ বৰ্ষত ৷
থাইলেণ্ডৰ এখন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সভাত অংশ লৈ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ভাষণত কয় যে ভাৰত আৰু চীনে এক সৌহাৰ্দ্যপূৰ্ণ আৰু গ্ৰহণযোগ্য ভাল চুবুৰীয়াৰ দৰে ঐক্যবদ্ধ হলেহে এছিয়ান চেঞ্চুৰীক বিশ্বই দেখা পাব । সীমান্তত সময় সময়ে হৈ উত্তেজনাৰ বাবে দুয়োখন দেশৰ সম্পৰ্ক বিঘ্নিত হোৱা দেখা যায় ৷ ইয়ে দ্বিপাক্ষিক সম্পৰ্কত বিৰূপ প্ৰভাৱ পৰা সম্ভাৱনাৰ ব্যক্ত কৰিছে বিদেশ মন্ত্ৰীয়ে৷ ইয়াৰ ফলত ‘এছিয়ান চেঞ্চুৰী’ এক সপোন হৈয়ে ৰ’ব ।’ আনহ ভাৰতীয় বৈদ মন্ত্ৰী গৰাকীৰ মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনা বৈদেশিক মন্ত্ৰণালয়ে ৷ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰই কয় যে, দুই চুবুৰীয়া দেশৰ ব্যাপক উন্নয়ন সম্ভৱ নহ’লে ‘এছিয়ান চেঞ্চুৰী’কেতিয়াও নাহে ৷ ভাৰত,চীন সহ আন চুবুৰীয়া দেশ সমুহ উন্নয়নশীল দেশ৷এই দেশ সমুহৰ দ্ৰুত উন্নয়ন অবিহনে এছিয় পেচিফিক ,এছিয়ান চেঞ্চুৰী আশা কৰাটো ভুল ৷ সেয়েহে দুয়ো দেশে ইখনে আন এখনক দোষ জাপি দিয়াৰ পৰিৱৰ্তে ভাল চুবুৰীয়া হোৱাৰ নজিৰ সৃষ্টি কৰিবলৈ আহবান জনায় চীনা বৈদেশিক মুখপাত্ৰজনে ৷

Exit mobile version