বলে নোৱাৰিলে চলেৰে কৰা । এই আপ্তবাক্যশাৰী পূৰ্ণ প্ৰয়োগ কৰিছে দিল্লীৰ বিজেপিৰ কৰ্মী সকলে ।
যোৱা ২১ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ বাসগৃহত চিবিআই আৰু ইডিয়ে তালাচী অভিযান চোলোৱাৰ পিছত কালি উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদমেল পাতি দিল্লীৰ আপ চৰকাৰ ভংগ কৰিবলৈ অভিসন্ধি কৰা বিজেপিৰ অভিপ্ৰায়ৰ কথা ৰাজহুৱা কৰাৰ পিছতেই আজি পুনৰ বিজেপিৰ কৰ্মীসকলে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰা ঘটনা সংঘটিত হৈছে ।
বিজেপি দলৰ অভিযোগ অনুসৰি ১০০০ কোটি টকা কেলেংকাৰী সংঘটিত কৰা কেজৰিৱালে অতি শীঘ্ৰেই পদত্যাগ কৰিব লাগে । আপ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি বিজেপি কৰ্মী সকলে এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে ।
উল্লেখযোগ্য যে পূৰ্বেও আপৰ বিৰুদ্ধে বিজেপিয়ে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছিল যদিও এইপৰ্যন্ত সেই অভিযোগৰ উপযুক্ত প্ৰমাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই । তেনেক্ষেত্ৰত আজি বিজেপিয়ে কৰা উত্তাল প্ৰতিবাদৰ লগতে সংবাদমেল যোগে আপৰ বিৰুদ্ধে অনা অভিযোগক সচেতন মহলে এইয়া এক ৰাজনৈতিক অভিসন্ধি বুলি আখ্যা দিয়াৰ লগতে দেশজুৰি হোৱা আপৰ উত্থানক লৈ বিজেপি দল শংকিত হৈ পৰা বুলিহে চৰ্চা কৰিছে ।
কেজৰিৱালৰ ঘৰ ঘেৰাও কৰিলে দিল্লীৰ বিজেপি কৰ্মীয়ে , ১০০০ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন :
