নগ্ন হৈ কৰা ফটো উঠা গোচৰত মুম্বাইত থানাত হাজিৰ নহ’ল ৰণবীৰ

WhatsApp Image 2022 08 23 at 3.11.22 PM

নগ্ন হৈ কৰা ফটো উঠা গোচৰত মুম্বাইৰ চেম্বুৰ থানাত হাজিৰ নহ’ল জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং ৷  মুম্বাই আৰক্ষীয়ে জাৰি কৰা চমন অনুসৰি কালি উপস্থিত হোৱাৰ কথা আছিল অভিনেতাজন ৷ কিন্ত বিশেষ অসুবিধাৰ বাবে থানাত উপস্থিত নোহোৱাৰ কথা চেম্বুৰ থানাক জনায় ৷ ইয়াৰ বাবে থানাৰ পৰা সময় বিচাৰে চৈধ্যদিনৰ ৷
উল্লেখ্য যে মুম্বাইৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ হৈ ২৬ জুলাইত থানাত গোচৰ তৰিছিল এগৰাকী অধিবক্তাই ৷ ৰণবীৰৰ নগ্ন ফটোৱে মহিলাৰ আৱেগত চৰম আঘাত হানিছে বুলি উল্লেখ কৰিছিল এজাহাৰখনত ৷

মুম্বাইৰ চেম্বুৰ থানাত গোচৰ পঞ্জীভূক্ত হোৱাৰ পিছতে বাইছ আগষ্টত থানাত হাজিৰ হোৱাৰ জাননী প্ৰেৰণ কৰা হয় ৰণবীৰলৈ ৷ আনকি ৰণবীৰৰ বাসগৃহলৈ আৰক্ষী দল গৈছিল যদিও ঘৰত নেপায় ঘূৰি আহে ৷ পৰিয়ালৰ লোকে আৰক্ষীক জনায় ১৬ আগষ্টলৈকে ৰণবীৰ উপস্থিত নাথাকিব মুম্বাইত ৷ পিছত আৰক্ষীয়ে ২২আগষ্টত হাজিৰ হোৱাৰ চমন জাৰি কৰে৷ কিন্ত আচৰিতজনকভাৱে কালি চেম্বুৰ থানাত হাজিৰ নহ’ল ৰণবীৰ সিং ৷ দুবাৰকৈ চমন দিয়াৰ পিছতো ৰণবীৰ থানাত হাজিৰ নোহোৱাক লৈ আৰক্ষীয়ে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version