অসমৰ ৰাতাচেৰা মূল কৰিড’ৰ হৈ পৰিছে ভাৰতত ৰহিংগ্যাৰ প্ৰৱেশৰ

WhatsApp Image 2022 08 24 at 8.43.24 PM

বাংলাদেশৰ পৰা ভাৰতত অসম হৈ প্ৰৱেশ কৰে ৰহিংগ্যা অনুপ্ৰৱেশকাৰীয়ে । দেশত ৰহিংগ্যা অনুপ্ৰৱেশকাৰীৰ দৌৰাত্ম্য বৃদ্ধি হোৱা আৰু তাৰ ফলত নিৰাপত্তাৰ প্ৰতি‌ সৃষ্টি হোৱা ভাবুকিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন‌আইএ)ই তদন্তৰ জৰিয়তে এই তথ্য নিশ্চিত কৰিছে । দীঘলীয়া অনুসন্ধানৰ অন্তত এন‌আইএই উদ্ধাৰ কৰা তথ্য অনুসৰি, বৰাক উপত্যকাৰ ৰাতাচেৰা অঞ্চলৰে ভাৰতত প্ৰৱেশ কৰি আহিছে সৰ্বাধিক ৰহিংগ্যাই ।

বাংলাদেশৰ কক্স বজাৰত থকা শৰণাৰ্থী শিবিৰৰ পৰা এজেণ্ট তথা মানৱ সৰবৰাহকাৰী দলে ৰহিংগ্যা লোকক দেশখনৰ ছিলেট অঞ্চললৈ নিয়ে । ছিলেটৰ গভীৰ অৰণ্যৰ মাজেৰে আগবাঢ়ি আহি অনুপ্ৰৱেশকাৰীৰ দল ৰাতাচেৰা সীমান্তত উপস্থিত হয় । তাৰ পাছত ৰাতাচেৰাৰ ঘন অৰণ্যৰ সুযোগ লৈ অনুপ্ৰৱেশকাৰীৰ দলে সুযোগ বুজি অসম হৈ ভাৰতত প্ৰৱেশ কৰে । এবাৰ ৰাতাচেৰাত প্ৰৱেশ কৰিব পাৰিলেই তেওঁলোকক আৰু সহজে বিচাৰি উলিওৱাটো সম্ভৱ নহয় ।

এনেদৰে ভাৰতত প্ৰৱেশ কৰিবলৈ এক দীঘলীয়া পদযাত্ৰা কৰিবলগীয়া হয় অনুপ্ৰৱেশকাৰী দলে । এন‌আইএৰ সূত্ৰ‌ই সদৰী কৰা অনুসৰি টেলিফোন ইণ্টাৰছেপ্টৰ, ম’বাইল ফোনৰ কল ৰেকৰ্ড আৰু ধৃত ৰহিংগ্যাৰ স্বীকাৰোক্তিৰ ভিত্তিত অনুপ্ৰৱেশৰ এই পথ নিশ্চিত কৰা হৈছে । অৱশ্যে ৰাতাচেৰাৰ উপৰি কৰিমগঞ্জৰ কুচিয়াৰা নৈ, ত্ৰিপুৰা, মিজোৰাম আৰু পশ্চিমবংগ সীমান্তৰেও কমসংখ্যক ৰহিংগ্যা ভাৰতত অনুপ্ৰৱেশ কৰি আহিছে; কিন্তু অনুপ্ৰৱেশৰ মূল পথ ৰাতাচেৰা অঞ্চলত থকা বুলি নিশ্চত কৰা হৈছে ।

গৃহ বিভাগক দাখিল কৰা এন‌আইএৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, সম্পূৰ্ণৰূপে এজেণ্টৰ ওপৰত নিৰ্ভৰ কৰি ৰহিংগ্যা লোকে ভাৰতত অনুপ্ৰৱেশ কৰে । ইয়াৰ বাবে ভাৰত আৰু বাংলাদেশ দুয়োখন দেশতে আন্তঃৰাষ্ট্ৰীয় স্তৰৰ এজেণ্ট নিয়োজিত হৈ আছে । বহু সময়ত এনে এজেণ্টে অনুপ্ৰৱেশ কৰিবলগীয়া লোকক বাংলাদেশতে ভাৰতৰ নাগৰিকৰ নথিপত্ৰ হাতত তুলি দিয়ে । কেতিয়াবা বাংলাদেশৰ পৰা ৰাতাচেৰা হৈ ভাৰতত প্ৰৱেশৰ আগমুহূৰ্ততো তেনে নথিপত্ৰ তুলি দিয়া হয় ।

সমান্তৰালভাৱে ভাৰততো এনে চক্ৰ সক্ৰিয় হৈ আছে । এই চক্ৰ‌ই ভাৰতত প্ৰৱেশৰ পাছত ইয়াৰ নাগৰিকত্বৰ জাল নথিপত্ৰ ৰহিংগ্যা লোকক যোগান ধৰে ।

উল্লেখ্য যে ভাৰতত ৰহিংগ্যাক নাগৰিকত্বৰ জাল নথি যোগান ধৰা অসমৰ ছজনীয়া এটা দলক ইতিমধ্যে এন‌আইএই গ্ৰেপ্তাৰ কৰি আদালতত অভিযোগনামা দাখিল কৰিছে । তাৰে পাঁচজন কাছাৰৰ আৰু এজন মেঘালয়ৰ লোক । এই চক্ৰটোৰ এজনক সুদূৰ বাংগালুৰুত গ্ৰেপ্তাৰ কৰা হয় । ধৃত লোকজনৰ পৰা উদ্ধাৰ কৰা তথ্য অনুসৰি কেৱল ভাৰতীয় নথিপত্ৰ যোগান ধৰাই নহয়, তাৰ লগতে ৰহিংগ্যা লোক সৰবৰাহৰ লগতো ছজনীয়া চক্ৰটো প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল । এনে অধিক চক্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যত সক্ৰিয় হৈ আছে । এই চক্ৰবোৰ প্ৰধানকৈ শিশু, মহিলা আৰু যুৱতী সৰবৰাহৰ লগত জড়িত ।

কক্স বজাৰৰ শিবিৰৰ পৰা মানুহ চিনাক্ত কৰা, সেই মানুহক বিভিন্ন প্ৰলোভনেৰে ভাৰতলৈ লৈ অনা আদি প্ৰতিটো স্তৰতে ভিন ভিন এজেণ্ট নিয়োজিত হৈ থাকে বুলি এন‌আইএৰ সূত্ৰ‌ই সদৰী কৰে । ভাৰতত প্ৰৱেশৰ পাছত সেইসকল লোকৰ দায়িত্ব ইয়াৰ এজেণ্টে গ্ৰহণ কৰে । এই মানৱ সৰবৰাহৰ বিনিময়ত বৃহৎ ধনৰ লেনদেন চলে বাবে ভাৰতত প্ৰৱেশৰ পাছত পূৰ্ব নিৰ্ধাৰিত স্থানলৈ অনুপ্ৰৱেশকাৰী ৰোহিংগ্যাক লৈ যোৱাৰ দায়িত্ব পালন কৰে আন একাংশ এজেণ্টে । তাৰ বাবে পৃথক বাহনৰো ব্যৱস্থা কৰা হয় । এনেদৰে স্তৰে স্তৰে মানুহবোৰক সৰবৰাহ কৰি ভাগে ভাগে বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হয় । এনে সৰবৰাহকাৰী চক্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যত বিয়পি থকা বুলি এন‌আইএৰ সূত্ৰত প্ৰকাশ ।

Exit mobile version