Sonia Gandhi : চিকিৎসাৰ বাবে বিদেশলৈ যাব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী

Trio

উন্নত চিকিৎসাৰ বাবে বিদেশলৈ যাব কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী । লগত যাব পুত্ৰ-কন্যা ৰাহুল আৰু প্রিয়ংকা । মঙলবাৰে কংগ্রেছৰ তৰফৰ পৰা এই কথা সদৰী কৰিছে ।

তেওঁলোক কেতিয়া বিদেশলৈ যাব বা ক’ত যাব কংগ্রেছৰ তৰফৰ পৰা জনাইছে । যদিও অহা চাৰি ছেপ্টেম্বৰত কংগ্রেছৰ মূল্যবৃদ্ধিৰ প্রতিবাদ কাৰ্যসূচীত ৰাহুল গান্ধীৰ বক্তৃতা প্ৰদানৰ পৰিকল্পনা আছিল । সেই কাৰ্যসূচী বাহাল আছে ।

দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে জাৰি কৰা এটা বিবৃতিত কোৱা হয়, ‘শাৰীৰিক পৰীক্ষা-নিৰীক্ষাৰ বাবে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী বিদেশলৈ যাব । নতুন দিল্লী উভতাৰ পূৰ্বে ছোনিয়াই অসুস্থ মাতৃকো দেখা কৰিব ।’ জয়ৰামে আৰু কয়, “ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী বঢৰাও কংগ্রেছ সভানেত্রীৰ স’তে যাব ।”

চিকিৎসাৰ বাবে ইয়াৰ পূৰ্বেও একাধিকবাৰ বিদেশ গৈছে ছোনিয়া । কিন্তু এইবাৰৰ ভ্ৰমণ তাৎপর্যপূর্ণ, কাৰণ, অহা সাত ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব কংগ্রেছৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰী পর্যন্ত ‘ভাৰত জ’ৰ’ কাৰ্যসূচী । দলৰ সভাপতি নির্বাচনৰ দিনো ঘোষণা হ’ব পাৰে চলিত সপ্তাহতেই ।

Exit mobile version