টীয়কৰ ভগামুখত নৃশংস হত্যাকাণ্ড সংঘটিত,পিতনিত উদ্ধাৰ মৃতদেহ

WhatsApp Image 2022 08 25 at 6.13.40 PM

টীয়কৰ ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰাচোৱা চুমৈমৰাত কালি এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । গাওঁখনৰ অনন্ত বৰুৱা ওৰফে ভাইকণ নামৰ এজন ম’হৰ গুৱালৰ মৃতদেহ উদ্ধাৰ হৈছিল এটা পিতনিত । লগে লগেই ঘটনাস্থলীত ভগামুখ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । উক্ত নিশা আৰক্ষীয়ে পাঁচজনকৈ যুৱকক আটক কৰে যদিও আৰক্ষীৰ তদন্তত একে গাঁৱৰে মধু গগৈ নামৰ যুৱকজনে উক্ত নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে যদিও কি কাৰণত এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে সেই কথা জানিব পৰা হোৱা নাই । ইপিনে এই ঘটনাত অন্য কোনো লোক জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version