টীয়কৰ ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰাচোৱা চুমৈমৰাত কালি এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । গাওঁখনৰ অনন্ত বৰুৱা ওৰফে ভাইকণ নামৰ এজন ম’হৰ গুৱালৰ মৃতদেহ উদ্ধাৰ হৈছিল এটা পিতনিত । লগে লগেই ঘটনাস্থলীত ভগামুখ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । উক্ত নিশা আৰক্ষীয়ে পাঁচজনকৈ যুৱকক আটক কৰে যদিও আৰক্ষীৰ তদন্তত একে গাঁৱৰে মধু গগৈ নামৰ যুৱকজনে উক্ত নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে যদিও কি কাৰণত এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে সেই কথা জানিব পৰা হোৱা নাই । ইপিনে এই ঘটনাত অন্য কোনো লোক জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত তদন্ত আৰম্ভ কৰিছে ।
টীয়কৰ ভগামুখত নৃশংস হত্যাকাণ্ড সংঘটিত,পিতনিত উদ্ধাৰ মৃতদেহ
-
By publisher

- Categories: Assam, India, News
- Tags: teok murder
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026