তিনি পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা ভাৰতীয় সেনাৰ

WhatsApp Image 2022 08 25 at 8.11.09 PM

কাশ্মীৰ উপত্যকাত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ তীব্ৰ অভিযান অব্যাহত থকাা মাজতে আজি উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰি ছেক্টৰ এলঅচিৰ সমীপত তিনিজনকৈ পাক অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰে সেনাৰ এটা অভিযানকাৰী দলে ৷

উৰিৰ কামালকোট ছেক্টৰৰ মদিয়ান নানক প’ষ্টত সেনা আৰু বাৰামুল্লা আৰক্ষীয়ে নিয়মীয়া টহল দি থকা অৱস্থাত অনুপ্ৰৱেশকাৰী কেইজনক প্ৰত্যক্ষ কৰি ৰখিবলৈ কয় যদিও পলায়নৰ চেষ্টা কৰোতেই অনুপ্ৰৱেশকাৰী কেইজনক লক্ষ্য কৰি গুলীচালনা কৰে ৷ ফলত থিতাতে নিহত হয় তিনিওজন অনুপ্ৰৱেশকাৰী ৷ নিহত পাক নাগৰিক কেইজন সন্ত্ৰাসবাদী হয় নে নহয় ৷ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷স্মতৰ্ৱ্য যে যোৱা কিছুদিন ধৰি কাশ্মীৰ উপত্যকাত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ কুটাঘাতমূলক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হৈছে কেইবাগৰাকী নিৰীহ কাশ্মীৰী পণ্ডিত ৷
আনহাতে সেনাৰ ধাৰাবাহিক অভিয়ানত ইতিমধ্যে নিহত হৈছে কেইবাজনো দুৰ্ধৰ্ষ পাক সমৰ্থিত সন্ত্ৰাসবাদী ৷

Exit mobile version