সংকটত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী,যিকোনো মুহূৰ্ততে হেৰুৱাব পাৰে মুখ্যমন্ত্ৰীৰ আসন !

WhatsApp Image 2022 08 25 at 3.45.49 PM

অফিচ অৱ প্ৰফিট গোচৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেনৰ বিৰুদ্ধে ৰাজ্যপাললৈ বিশেষ পত্ৰ প্ৰেৰণ নিৰ্বাচনী আয়োগৰ ৷ মুখ্যমন্ত্ৰী জনৰ বিধায়ক পদ খাৰিজৰ বাবে ৰাজ্যপাললৈ দিয়া পত্ৰ ইতিমধ্যে ৰাজ্যপাল ৰমেশ বৈইছে লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, প্ৰদেশ বিজেপি ফালৰ পৰা হেমন্ত চুৰেনৰ বিধায়ক পদ খাৰিজৰ বাবে নিৰ্বাচন আয়োগক দিছিল আবেদন ৷ বিজেপিয়ে দিয়া আবেদন পত্ৰৰ ওপৰত নিৰ্বাচন আয়োগে সোমবাৰে শুনানি গ্ৰহণ কৰে ৷ তাৰ পিছতে বুধবাৰে ৰাজভৱনলৈ মুখ্যমন্ত্ৰী হেমন্ত চুৰেনৰ বিধায়ক পদ খাৰিজৰ পত্ৰ প্ৰেৰণ কৰে নিৰ্বাচন আয়োগে ৷

ৰাজভৱনলৈ নিৰ্বাচন আয়োগৰ পত্ৰ দিয়া সংবাদ অৱগত হোৱাৰ পিছতে আজি দুপৰীয়া ভাগত ৰাজ্যখনৰ কৃষিমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা বাদল পাটেলেখ আৰু মহাধিবক্তা ৰাজিব ৰঞ্জন উপস্থিত হয় ৰাচীৰ মুখ্যমন্ত্ৰী চৰকাৰী আবাসগৃহত ৷ আনহাতে, আজি বিয়লী শাসকীয় ঝাৰখণ্ডৰ মুক্তি মৰ্চাৰ(জে এম এম) সকলো বিধায়কক ৰাচীলৈ তলব কৰিছে বিধায়িনী দলৰ সচিবে ৷

Exit mobile version