১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিবেশন

WhatsApp Image 2022 08 25 at 6.08.07 PM

অহা ১২ ছেপ্টেম্বৰৰ পৰা পঞ্চদশ অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আৰম্ভ হ’ব । পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া অধিবেশনত অসম বিধানসভা সচিবালয়ে নিৰ্ধাৰণ কৰা দিনাংক অনুসৰি ১২ ছেপ্টেম্বৰৰ কাৰ্যসূচীত থাকিব মৃত্যু প্ৰসংগ, প্ৰশ্ন শিতান, অধ্যক্ষই অসম বিধান সভাৰ ২০২২ ৰ শৰৎকালীন অধিবেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা, অধ্যক্ষই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলী ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যদেশ দাখিল, প্ৰতিবেদন উপস্থাপন , চৰকাৰৰ বিভিন্ন সমিতি ,পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, ২০২২-২৩ ৰ পৰিপূৰক বিনিযোজনৰ তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়ক সমূহ উপস্থাপন ।

একেদৰে ১৩ ছেপ্টেম্বৰত বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী অনুসৰি প্ৰশ্ন সমূহ , সদস্যৰ সময়, বিধেয়ক দাখিল, সংকল্প প্ৰস্তাৱ আদি । ১৪ ছেপ্টেম্বৰত চৰকাৰী বন্ধ হেতুকে ১৫ ছেপ্টেম্বৰত চৰকাৰী কাৰ্যসূচীত থাকিব প্ৰশ্ন সমূহ, ২০২২-২৩ ৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিযোজনৰ বাবে ভোটদান কৰা আৰু ২০২২ ৰ অসম বিনিযোজন ( নম্ব ৰ III ) বিধেয়ক সমূহ উপস্থাপন, বিবেচনা তথা পাৰিতকৰণ । ১৬ ছেপ্টেম্বৰত চৰকাৰী কাৰ্যসূচীত আছে প্ৰশ্নসমূহ আৰু চৰকাৰী বিধেয়ক সমূহ বিবেচনা আৰু পাৰিতকৰণ আদি । ১৭ ছেপ্টেম্বৰত জিৰণি আৰু ১৮ ছেপ্টেম্বৰত দেওবৰীয়া বন্ধৰ হেতুকে ১৯ ছেপ্টেম্বৰত অন্তিম দিনৰ চৰকাৰী কাৰ্যসূচীত আছে প্ৰশ্নসমূহ,চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী আৰু সদন স্থগিত ৷

Exit mobile version