Russia-Ukraine War : ইউক্রেইনৰ স্বাধীনতা দিৱসত ৰেলষ্টেছনত ৰাছিয়াৰ ৰকেট আক্ৰমণ, মৃত প্ৰায় ২২

220824 Chaplyne Ukraine missle aftermath train station ac 752p ac370c

শংকা সত্য হ’ল । ইউক্রেইনৰ স্বাধীনতা দিৱসত আক্ৰমণ কৰিলে ৰাছিয়াই । বুধবাৰে ইউক্রেইনৰ এটা ট্রেইন ষ্টেছনত ৰাছিয়াৰ ৰকেট আক্ৰমণত প্ৰায় ২২ জনৰ মৃত্যু হৈছে বুলি দেশৰ সংবাদমাধ্যমে জনাইছে ।

সংবাদ সংস্থা সূত্রে খবৰ, এই আক্ৰমণত চেপলিন চহৰৰ পাঁচজন বাসিন্দাৰ মৃত্যু হৈছে । নিহতসকলৰ ভিতৰত আছে ১১ বছৰৰ এজন কিশোৰো । ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ মাজতেই আক্ৰমণ চলোৱা হয় বুলি দাবী কৰিছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে । যদিও এই আক্ৰমণ সন্দৰ্ভত প্রতিবেদনটো লিখা পর্যন্ত কোনো প্রতিক্রিয়া দিয়া ৰাছিয়াই ।

দেশৰ স্বাধীনতা দিৱসত যে বৃহৎ আক্ৰমণ কৰিব পাৰে মস্কোৱে, এই শংকাৰ কথা পূৰ্বেই জনাইছিল জেলেনস্কিয়ে । ইউক্রেইনীয়সকলৰশক উদ্দেশ্যি ৰাষ্ট্ৰপতিয়ে কয়, ‘‘আমি সকলোৱে চলিত সপ্তাহত সজাগ থাকিব লাগিব । ৰাছিয়াই কোনো অবাঞ্ছনীয় ঘটানাৰ চেষ্টা কৰিব পাৰে । ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ।’’

চলিত বছৰৰ ২৪ ফেব্রুৱাৰীত ইউক্রেইনত আগ্রাসন আৰম্ভ কৰে পুটিনৰ দেশে । তাৰ পাছৰ পৰা যুদ্ধত কার্যত ধ্বংসস্তূপত পৰিণত হৈছে ইউক্রেইনৰ বিস্তীর্ণ অঞ্চল । বহু লোকৰ মৃত্যু হৈছে । যোৱা এপ্রিলতো ইউক্রেইনৰ এটা ৰেল ষ্টেছনত আক্ৰমণ কৰিছিল মস্কোৱে । সেই আক্ৰমণত ৫০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল ।

Exit mobile version