Uttar Pradesh : হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনা বিহিছিল আৰক্ষীয়ে

আৰক্ষী চকীৰ বিদ্যুৎ সংযোগ কাটি প্ৰতিশোধ ল'লে বিদ্যুৎ কর্মচাৰীয়ে !

argusnews 563fe3414b1abe153c67279f1674bf47 f89bb230 ebc3 4605 9d59 883cfab7f6c9

হেলমেট পৰিধান নকৰাৰ বাবে পথত তেওঁক ছয় হেজাৰ টকা জৰিমনা বিহিছিল আৰক্ষীয়ে । ‘প্ৰতিশোধ’ ল’বলৈ আৰক্ষী চকীৰ বিদ্যুৎ সংযোগ কাটিলে এজন বিদ্যুৎ কর্মচাৰীয়ে । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্রদেশৰ ছামলিত ।

সেই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে । ভিডিঅ’ত দেখা গৈছে এজন বিদ্যুৎ কর্মচাৰীয়ে বিদ্যুতৰ খুঁটিত উঠি বিদ্যুতৰ তাঁৰ কাটিছে । লগে লগে আৰক্ষী চকীৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ যায় ।

আৰক্ষী চকীৰ বিদ্যুৎ সংযোগ কাটি দিয়াৰ ঘটনাত হুলস্থূল লাগি যায় । কিয় বিদ্যুৎ কর্মচাৰীজনে সংযোগ কাটিলে সোধাত কোনো প্রতিক্রিয়া দিয়া থানা কৰ্তৃপক্ষই । যদিও বিদ্যুৎ দপ্তৰৰ তৰফৰ পৰা দাবী কৰা হৈছে, তেওঁলোকৰ কর্মচাৰীক জৰিমানা বিহাৰ স’তে থানাৰ বিদ্যুৎ সংযোগ কটাৰ কোনও সম্পর্ক নাই । দীর্ঘ দিন ধৰি থানাই বিদ্যুৎ বিল পৰিশোধ কৰা নাছিল । সেয়ে সংযোগ কটা হৈছে ।

যোৱা ২৩ আগষ্টত ঘটনাটো ঘটিছে । মোহম্মদ মেহতব নামে বিদ্যুৎ কর্মচাৰীজনে কয়, “মোৰ মাহিলী আয় পাঁচ হেজাৰ টকা । কিন্তু আৰক্ষীয়ে জৰিমনা বিহিছে ছয় হেজাৰ টকা ! বাৰে বাৰে তেওঁলোকক অনুৰোধ কৰিছিলো যে, ইয়ৰ পাছত আৰু নকৰো । হেলমেট পৰিধান কৰিহে গাড়ী চলাম । কিন্তু তেওঁলোক মোৰ কথাত কাণষাৰ নিদিয়ে ।” কিন্তু এইটো কাৰণতেই যে তেওঁ থানাৰ সংযোগ কাটিছে, সেই বিষয়ত কোনো মন্তব্য কৰা নাই মেহতবে । বিদ্যুৎ কর্মচাৰীৰ এই কীর্তিক লৈ সামাজিক মাধ্যমত চর্চা তুংগত ।

Exit mobile version