বিশ্বখ্যাত এশিঙীয়া গঁড় সুৰক্ষাৰ বাবে হাতত “ঘাতক” লৈ সাজু গঁড় সুৰক্ষা বাহিনী 

1661424638003

বিশ্বখ্যাত কাজিৰঙা সুৰক্ষাৰ লগতে ৰাজ্যৰ আন-আন বনাঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে যুজঁ দিবলৈ হাতত “ঘাতক” লৈ সাজু হৈছে বিশেষ গঁড় সুৰক্ষা বাহিনী । কলিয়াবৰৰ চিকনিস্থিত দ্বিতীয় অসম সুৰক্ষা বাহিনী কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি, এইবাৰ চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ বিশেষ গঁড় সুৰক্ষা বাহিনীয়ে হাতত উন্নত আগ্নেয়াস্ত্ৰ “ঘাতক” লৈ সাজু হৈ উঠিছে ।

চোৰাং চিকাৰীৰ যিকোনো মৰণাস্ত্ৰক প্ৰত্যাহ্বান জনাব এই “ঘাতকে।” ৩০০ মিটাৰ দূৰত্বৰ পৰাই এই “ঘাতকে” চোৰাং চিকাৰীক ৰোধিব পাৰিব । বিশেষকৈ ওজন কম হোৱাৰ বাবে ঘন অৰণ্যৰ মাজত এই মাৰণাস্ত্ৰ সহজেই লৈ ফুৰিব পাৰিব । কাজিৰঙা, মানাহ, পবিতৰা, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত হৈ থকা বিশেষ গড় সুৰক্ষা বাহিনীৰ হাতত এই মাৰণাস্ত্ৰ তুলি দিয়া হ’ব ।

ইতিমধ্যে এই মাৰণাস্ত্ৰক লৈ চিকনিস্থিত দ্বিতীয় অসম সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ত গড় সুৰক্ষা বাহিনীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । চাৰিগৰাকী মহিলা জোৱানসহ মুঠ ২৫ গৰাকী জোৱানে গ্ৰহণ কৰি আছে এই মাৰণাস্ত্ৰৰ কঠোৰ প্ৰশিক্ষণ । কমাণ্ডেন্ট মুকুল শইকীয়াই জনোৱা মতে , ফায়াৰিং ৰেঞ্জত অন্তিম প্ৰশিক্ষণৰ পিছত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ হাতত এই অত্যাধুনিক মাৰণাস্ত্ৰ তুলি দিয়া হ’ব ।

Exit mobile version