ভাৰতীয় খাদ্য নিগম, সমবায় সমিতি আৰু ক’লা বেপাৰীৰ গোপন নেক্সাছ

 দৰিদ্ৰ জনতাৰ মুখৰ ভাত কাঢ়ি খাদ্য নিগমত বিক্ৰী ক'লা বেপাৰীৰ

1625516921 shutterstock 1892246335

দৰিদ্ৰ জনতাৰ বাবে আবন্টিত হোৱা চৰকাৰী চাউলৰ এক বৃহৎ কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য তথা বাংলাদেশলৈও সৰবৰাহ হোৱা এই চৰকাৰী চাউল ক’লা বেপাৰীয়ে ভাৰতীয় খাদ্য নিগমত বিক্ৰী কৰাৰ তথ্য ফাদিল হৈছে । অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিশেষকৈ বৰপেটা, গোৱালপাৰা, দৰং আৰু মৰিগাঁও জিলাৰ একাংশ সমবায় সমিতিৰ চাউল ক’লা ব্যৱসায়ীয়ে ভাৰতীয় খাদ্য নিগমক বিক্ৰী কৰাৰ তথ্য অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই লাভ কৰিছে ।

ইতিমধ্যে অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই অভিযান চলাই গোৱালপাৰা, মৰিগাঁও, বঙাইগাঁও, বৰপেটা আদি জিলাৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে কেইবাজনো ক’লা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে । জব্দ কৰা চোৰাং চাউল সুদূৰ বাংলাদেশলৈ সৰবৰাহ কৰাৰ তথ্যও পোহৰলৈ আহিছে । ইয়াৰমাজতে আৰক্ষীৰ চকুত ধুলি দিবলৈ এই চিণ্ডিকেট চক্ৰই খাদ্য নিগমৰ পৰা এই চাউল সমূহ সংগ্ৰহ কৰি বক্ৰপথেৰে একাংশ ধান বনা মিলৰ জৰিয়তে পুনৰ ক’লা ব্যৱসায়ীয়ে খাদ্য নিগমক বিক্ৰী কৰে অৰ্থাৎ চৰকাৰে নূন্যতম মূল্য দি কৃষকৰ পৰা ক্ৰয় কৰা ধানসমূহ নিৰ্দিষ্ট ধান বনা মিলত চাউল উৎপাদন আৰু পেকেটিং কৰি খাদ্য নিগমক গতাই দিয়া হয় ।

উল্লেখযোগ্য যে, ধান ক্ৰয় কৰাৰ পৰা চাউল উৎপাদন কৰা খাদ্য নিগমৰ গুদামত জমা দিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰতি কিল’গ্ৰামত ৩৫ টকাকৈ অৰ্থাৎ প্ৰতি কুইন্টল চাউলৰ বাবদ ৩৫ শ টকা খৰচ কৰে । পিছত খাদ্য নিগমে ৰাষ্ট্ৰীয় খাদ্য যোজনা, মধ্যাহ্ন ভোজন আদি আঁচনিৰ অধীনত এই চাউলসমূহ সমবায় সমিতিলৈ প্ৰেৰণ কৰে আৰু সমবায় সমিতিসমূহে হিতাধিকাৰীৰ মাজত বিতৰণ কৰে । সম্প্ৰতি সমবায় সমিতি তথা ক’লা বেপাৰী আৰু সংশ্লিষ্ট ৰাইচ মিল এক হৈ চৰকাৰী চাউলৰ এক বৃহৎ চিণ্ডিকেট আৰম্ভ কৰিছে । খাদ্য নিগমে নিজে যোগান ধৰা চাউল ক’লা ব্যৱসায়ীৰ কৱলত পৰি পুনৰ ক্ৰয় কৰা ঘটনাই এতিয়া তদন্তকাৰী আৰক্ষীকো শ’লঠেকত পেলাইছে ।

Exit mobile version