মঙলদৈ প্রেছ ক্লাৱৰ সম্বৰ্ধনা, অনুষ্ঠান ভাৱা পাৰামানৱিক গৱেষণা কেন্দ্ৰৰ যুৱ- বিজ্ঞানী মঙলদৈৰ মৃদুস্মিতা শৰ্মা সম্বৰ্ধিত

WhatsApp Image 2022 08 26 at 6.34.26 PM

মনৰ দৃঢ়তা আৰু প্ৰৱল ইচ্ছা শক্তি থাকিলে , উত্তৰণৰ বাবে ধাউতি থাকিলে লক্ষ্য প্ৰাপ্তিত অঞ্চল বা মাধ্যম অন্তৰায় হ’ব নোৱাৰে।আমাৰ অসমীয়া যুৱক-যুৱতীৰ মাজত প্ৰতিভাৰ অভাৱ নাই, অভাৱ আছে আগ্ৰহ বা ইচ্ছাৰ।আমাৰ মানুহে কেতিয়া,কেনেকৈ ,কি কৰিব লাগে নাজানে।তাৰ ফলত বহু সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হয়—এনেদৰে মন্তব্য কৰিছে ভাবা পাৰামানৱিক গৱেষণা কেন্দ্ৰত যুৱ- বিজ্ঞানী হিচাপে কৰ্মৰত আৰু ক্ৰমে মঙলদৈ বামুণপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা,মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, মঙলদৈ মহাবিদ্যালয়ৰ পৰা বি এছ চি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত ২০২১ বৰ্ষত উক্ত গৱেষণা কৃন্দ্ৰত যুৱ-বিজ্ঞানী হিচাপে সংস্থাপিত হৈ মাতৃভাষা আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰে শিক্ষিত এগৰাকী শিক্ষাৰ্থী হিচাপে এনে উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হোৱা মৃদুস্মিতা শৰ্মাই।

আজি মঙলদৈ প্ৰেছ ক্লাৱৰ দ্বাৰা আয়োজিত অভিনন্দন অনুষ্ঠানত সম্বৰ্দ্ধিত যুৱ বিজ্ঞানী গৰাকীয়ে অসম আৰু অসমীয়াৰ প্ৰতি থকা টানৰ কথা উল্লেখ কৰি কয় যে তেওঁ তাত লগ পোৱা বহু মানুহৰ মাজত অসমীয়া মানুহ বিচাৰি থাকে।এজনো অসমীয়া মানুহ পালে ঘৰৰ মানুহ পোৱাৰ দৰে আনন্দ লাভ কৰাৰ কথা তেওঁ দোহাৰে। মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া,দৰং জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ,মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বৰা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ড০ চহিৰ ভূঞা, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক শশাঙ্ক হাজৰিকা,মানুহে মানুহৰ বাবে,দৰঙৰ সভাপতি আনোৱাৰ হুছেইন, দৰঙৰ পৰা প্রকাশিত দৌৰাংগ বাৰ্তালোচনীৰ সম্পাদক শঙ্কৰ কাকতি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী,অসম বাৰ্তাজীৱি সংঘৰ সম্পাদক মুকুটৰাজ শৰ্মা,অৱসৰী কৃতী প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰুৱা,আছুৰ বিত্ত সম্পাদক খনীন্দ্ৰ ৰাজবংশী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰি যুৱ-বিজ্ঞানী গৰাকীক উৎসাহ আৰু অভিনন্দন জনোৱা অনুষ্ঠানটিৰ আঁত ধৰে মঙলদৈ প্ৰেছ ক্লাৱৰ সম্পাদক লক্ষীনন্দন কলিতাই।

Exit mobile version