মহানগৰত চিআইডিৰ অভিযানত উদ্ধাৰ প্ৰৱঞ্চকে লুট কৰা ১১ লাখ টকা

WhatsApp Image 2022 08 26 at 4.49.40 PM

অসম আৰক্ষীৰ চিআইডিয়ে শুকুৰবাৰে মহানগৰৰ বাসিন্দা এজনৰ প্ৰৱঞ্চনাৰে আত্মসাৎ কৰা ১০ লাখৰো অধিক ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
চিআইডি সুত্ৰে জানিব পৰা মতে, প্ৰৱঞ্চকে বৃহস্পতিবাৰে পঞ্জাৱ নেচনেল বেংকৰ এজন বিষয়াৰ ছদ্মবেশত ভুক্তভোগী মহিলা এগৰাকীক  ফোন কৰিছিল, চেক পৰিষ্কাৰ কৰাৰ নামত, তেওঁ মহিলাগৰাকীক মোবাইল নম্বৰত প্ৰাপ্ত অ’টিপি দিবলৈ কৈছিল আৰু মহিলা গৰাকীয়ে প্ৰৱঞ্চকজনে কোৱাৰ দৰে কৰি গৈছিল ৷

কিন্ত কিছু সময়ৰ পিছতে প্ৰৱঞ্চকজনে মহিলা গৰাকীৰ বেংক একাউণ্টৰ পৰা হেক কৰি উঠাই ১১,০৯,২০২ টকা । পিছত মহিলা গৰাকীয়ে চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপৰ্টিং এণ্ড মেনেজমেণ্ট চিষ্টেম ২৪ এক্স ৭ হেল্পলাইন নম্বৰ ১৯৩০ ত এটা অভিযোগ দাখিল কৰিছিল। তাৰ পিছতে চিআইডি অতি তৎপৰতাৰে আৰম্ভ কৰে অভিযান ৷ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে অনুসন্ধানকাৰী সন্থাটোৱে লেনদেনটো বিচাৰি উলিয়াইছিল, সংশ্লিষ্ট বেংক নোডেল বিষয়াসকলক ফোন আৰু ই-মেইলযোগে সতৰ্ক কৰিছিল আৰু কেইবাঘণ্টাজুৰি তন্যতন্যকৈ পৰীক্ষা কৰাৰ অন্তত সকলো শুংসূত্ৰ পোহৰলৈ আনে ৷ চি.আই.ডি.-য়ে ১০.১৮ লাখ টকা বিচাৰি উলিয়াবলৈ আৰু ফ্ৰীজ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কৰা টকা ১০ লাখ ভাৰতীয় ষ্টেট বেংকত আৰু ১৮,০০০টকা ফেডাৰেল বেংকত থকাটো নিশ্চিত কৰে যি আই ডিয়ে। প্ৰৱঞ্চনাৰ বলি হোৱা ভুক্তভোগী মহিলাক তেওঁৰ টকাৰ পৰিমাণ ঘূৰাই দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে অনুসন্ধানকাৰী সন্থাটোৱে ৷ আনহাতে এই সন্দৰ্ভত চিআইডিয়ে ৰজু কৰিছে এটা গোচৰ ৷

Exit mobile version