Congress : জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ কংগ্ৰেছ দল ত্যাগ; পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে হাইকামাণ্ডলৈ

1606071197 23azad 4c

কংগ্ৰেছ দলত পুনৰ গৰাখহনীয়া । এইবাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে কংগ্ৰেছৰ লগ এৰিছে । আজি এই জ্যেষ্ঠ নেতাজনে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰে । উল্লেখযোগ্য যে এইমাহৰ আৰম্ভণিতে তেওঁৰ নিযুক্তিৰ কেইঘন্টামানৰ পিছতে জম্মু আৰু কাশ্মীৰৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰিছিল ।

সেই সময়ত তেওঁৰ শাৰীৰিক অসুস্থতাৰ কাৰণ দৰ্শাই পদত্যাগ কৰাৰ কথা উল্লেখ কৰিছিল যদিও এইবাৰ পোনপটীয়াকৈ তেওঁ দল ত্যাগ কৰাৰ কাৰণ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বুলি উল্লেখ কৰিছে । তেওঁ পদত্যাগ পত্ৰৰ যোগেদি সাধাৰণ সদস্য পদো ত্যাগ কৰা বুলি জানিবলৈ দিছে । আজি অনুষ্ঠিত কৰা সংবাদমেলৰ যোগেদি জ্যেষ্ঠ নেতাগৰাকীয়ে কংগ্ৰেছৰ মূৰব্বী তথা সভানেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক তীব্র ভাষাৰে সমালোচনা কৰে ।

এই জ্যেষ্ঠ নেতাগৰাকীয়ে ১৯৭০ চনৰ পৰা কংগ্ৰেছ দলৰ হৈ সেৱা আগবঢ়াই আহিছিল । গোলাম নবী আজাদৰ এই গমনক সহজভাৱে লোৱা নাই দলৰ আন বিষয়-ববীয়া সকলে । দলটোৰ বাবে ই এক মোক্ষম আঘাত বুলি মন্তব্য কৰিছে একাংশ দলীয় কৰ্মীয়ে ।

Exit mobile version