COVID-19 : ক’ভিড আপডেট

72131f4f4405efd0b505f1c80406347d

দৈনিক সংক্রমণ কিছু কমিছে । কিন্তু কৰ’নাত দেশত দৈনিক মৃত্যুৰ সংখ্যাই উদ্বেগ বঢ়াইছে । বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে ভাৰতত কৰ’নাত এদিনত প্রাণহানি বাঢ়িছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত এদিনত নতুনকৈ সংক্রমিত হৈছে ১০ হেজাৰ ২৫৬ জন । বৃহস্পতিবাৰে এই সংখ্যা আছিল ১০ হেজাৰ ৭২৫ । বিগত ২৪ ঘণ্টাত ক’ভিডত দেশত মৃত্যু হৈছে ৬৮ জনৰ । কালি এই সংখ্যা আছিল ৩৬ ।

ভাইৰাছত দেশত মুঠ মৃত্যুৰ সংখ্যা আছিল পাঁচ লাখ ২৭ হেজাৰ ৫৫৬ ।

দেশত দৈনিক সংক্রমণৰ হাৰ ২.৪৩ শতাংশ । সাপ্তাহিক সংক্রমণৰ হাৰ ৩.০২ শতাংশ । সুস্থতাৰ হাৰ ৯৮.৬১ শতাংশ হৈছে ।

Exit mobile version