UGC : ২১ খন বিশ্ববিদ্যালয় ‘ভুৱা’ ঘোষণা ইউজিচি-ৰ

ugc

দেশৰ ২১ খন বিশ্ববিদ্যালয়ক ‘ভুৱা’ ঘোষণা কৰিলে বিশ্ববিদ্যালয় মঞ্জুৰি আয়োগে (ইউজিচি) । আয়োগৰ সচিব ৰজনীশ জৈনৰ তৰফৰ পৰা এটা বিজ্ঞপ্তি প্রকাশ কৰি এই কথা জনোৱা হয় ।

এই বিদ্যালয়সমূহৰ তালিকাত আছে দিল্লীৰ আঠখন, উত্তৰ প্রদেশৰ চাৰিখন, ওড়িছাৰ দুখন, কর্নাটকৰ এখন, কেৰালাৰ এখন, মহাৰাষ্ট্রৰ এখন, অন্ধ্রপ্রদেশৰ এখন, পশ্চিমবংগৰ দুখন আৰু পুদুচেৰীৰ এখন ।

এই ভুৱা, অনুমোদনহীন বিশ্ববিদ্যালয়সমূহে ইউজিচিৰ নিয়ম মানি নচলে বুলিও জনোৱা হৈছে । ইউজিচিয়ে জনাইছে, এই বিশ্ববিদ্যালয়সমূহে শিক্ষাৰ্থীসকলক ডিগ্রী বা প্ৰমাণপত্র দিব নোৱাৰিব ।

Exit mobile version