Munawar Faruqui : সাম্প্রদায়িক সম্প্রীতিত প্রভাৱ পৰাৰ শংকাত বাতিল মুনাৱাৰ ফাৰুকিৰ দিল্লীৰ অনুষ্ঠান

munawar

জনপ্ৰিয় কৌতুক অভিনেতা মুনাৱাৰ ফাৰুকিক অনুষ্ঠান কৰাৰ অনুমতি দিয়ো বাতিল কৰিলে দিল্লী আৰক্ষীয়ে । ফাৰুকিৰ অনুষ্ঠানে দিল্লীৰ বিশেষ কিছু অঞ্চলত সাম্প্রদায়িক সম্প্রীতিৰ ওপৰত প্রভাৱ পেলাব পাৰে বুলি জনাই এই অনুমতি বাতিল কৰা হৈছে । ২৮ আগষ্ট দেওবাৰে এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল ।

এই অনুষ্ঠানটো ডক্টৰ এছপিএম চিভিক চেন্টাৰ, কেদাৰনাথ ছাহনি অডিটৰিয়ামত বিয়লি দুই বজাৰ পৰা নিশা চাৰে শ বজা পর্যন্ত হ’বলগীয়া আছিল । ব্যক্তিগত উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । আগতে এই অনুষ্ঠানৰ অনুমতি দিয়া হৈছিল ।

বিগত সপ্তাহত বেংগালুৰুতো ফাৰুকিৰ এটা শ্ব’ বাতিল হৈছিল । পাছৰ দিনা অৱশ্যে হায়দৰাবাদৰ হাইটেক চিটিৰ এটা প্রেক্ষাগৃহত অনুষ্ঠান কৰে ফাৰুকিয়ে । এই অনুষ্ঠান ভংগ কৰিবলৈ অহা বিজেপিৰ কিছুসংখ্যক কর্মী-সমর্থকৰ তেলংগানা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে । অনুষ্ঠান ভংগ কৰিবৰ বাবে, বিজেপি যুৱ মর্চাৰ কর্মীসকলে আগৰ পৰাই অনুষ্ঠানস্থলৰ সন্মুখত একগোট হয় । কিন্তু দর্শকসকলক নিৰাপদে প্রেক্ষাগৃহৰ ভিতৰত নিবৰ বাবে ব্যাপক আৰক্ষী নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল তেলংগানাৰ টিআৰএছ চৰকাৰে ।

প্রসংগত, চলিত বছৰৰ এক জানুৱাৰীত ধর্মীয় ভাবাবেগত আঘাত কৰাৰ অপৰাধত ফাৰুকিক গ্রেপ্তাৰ কৰিছিল মধ্যপ্রদেশ আৰক্ষীয়ে । তাৰ পাছৰ পৰাই এজনৰ পাছত এজন বিজেপি নেতাই ফাৰুকিৰ অনুষ্ঠান বয়কটৰ আহ্বান জনাই আহিছে ।

বিজেপি বিধায়িকা মালিনী লক্ষ্মণ সিং গৌড়ৰ পুত্ৰ একলব্য সিং গৌড়ৰ অভিযোগৰ পাছত তেওঁক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে । অভিযোগ অনুসৰি, অনুষ্ঠান চলাকালীন ফাৰুকিয়ে হিন্দু দেৱদেৱী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ সম্পর্কে আপত্তিকৰ মন্তব্য কৰিছিল । পাছত তেওঁ জামিনত মুক্তি পায় ।

Exit mobile version