কলকাতাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু টিএম চি নেতাৰ পুত্ৰ

WhatsApp Image 2022 08 28 at 5.43.16 PM

কলকাতাৰ কিদ্দাৰপুৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় টিএম চিৰ জ্যেষ্ঠ নেতাৰ পুত্ৰ ৷ যোৱা নিশা প্ৰায় ৮.৪০ বজাত টিএম চি নেতা ৰাম প্যাৰে ৰামৰ পুত্ৰ ৰাম কিংকৰ ৰামে নিজৰ চাৰিচক বিলাসী বাহন খনেৰে বাবুবজাৰ পথেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰে মুখামুখি সংঘৰ্ষ হয় ৷ ঘটনা ইমানেই ভয়াবহ আছিল ট্ৰাকখনৰ প্ৰচণ্ড খুন্দাত চাৰিচকীয়া বাহন খন সম্পূৰ্ণৰূপে চেপেটা হয় ৷ ফলত চালকৰ আসনত থকা ৰাম কিংকৰ ৰাম থিতাতে মৃত্যু হয় ৷

আৰক্ষীয়ে জানিব দিয়া মতে,দুঘটনাটোৰ পিছত বিধস্ত হৈ পৰা বিলাসী বাহনখনৰ পৰা টিএম চি নেতা ৰাম প্যাৰে ৰামৰ পুত্ৰৰ মৃতদেহ উলিয়াওতে ব্যৱহাৰ কৰিবলগীয়া হয় গেছ কাটাৰ ৷ আনহাতে দুৰ্ঘটনাটো সংঘটিত কৰি পলায় কৰা ট্ৰাক খনৰ চালক আৰু কনডাক্টৰৰ আটক কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷

Exit mobile version