নিষিদ্ধ হোৱাৰ পিছতো মহানগৰীত পলিথিনৰ ৰমৰমীয়া ব্যৱসায়

WhatsApp Image 2022 08 28 at 7.52.52 PM

 বিগত জুলাই মাহৰ পৰা কেন্দ্ৰীয় পৰিবেশ , বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এবাৰ ব্যৱহাৰযোগ্য ১৯ প্ৰকাৰৰ প্লাষ্টিকৰ ওপৰত দেশজুৰি নিষেধাজ্ঞা জাৰি কৰিছিল যদিও ৰাজ্যত বৰ্তমানেও চলি আছে প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ । উল্লেখযোগ্য যে , বজাৰ সমূহত অধিক চাহিদাযুক্ত এবাৰ ব্যৱহৃত পলিথিনকে ধৰি উল্লেখিত প্ৰকাৰৰ প্লাষ্টিকৰ উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল যদিও নিষিদ্ধকৰণৰ পিছতো আধা কিলোগ্ৰামৰ পৰা পাঁচ কিলোগ্ৰাম সামগ্ৰীৰ কঢ়িওৱা তথা এবাৰ ব্যৱহৃত পলিথিনৰ বৃহৎ ছিণ্ডিকেট গঢ়ি উঠিছে । প্ৰথম অৱস্থাত এবাৰ ব্যৱহৃত প্লাষ্টিক আৰু পলিথিনৰ বিৰুদ্ধে জিলা তথা মহকুমা প্ৰশাসন, পৌৰনিগম- সভাসমূহে অভিযান চলাইছিল যদিও সম্প্ৰতি এই সকলো যেন এক প্ৰহসনত পৰিণত হৈছে । যিহেতু মহানগৰৰ সকলো স্থানতে এতিয়া সহজলভ্য হৈ পৰিছে এই নিষিদ্ধ প্লাষ্টিক বা পলিথিন ।

উত্তৰ পূৱৰ মূল বাণিজ্যিক কেন্দ্ৰস্থল মহানগৰৰ ফাঁচীবজাৰকে কৰি বিভিন্ন প্ৰান্তৰ বজাৰত জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে চলি আছে এই নিষিদ্ধ পলিথিন । এই সন্দৰ্ভত বেলতলা, গণেশগুৰি, চান্দমাৰীৰ একাংশ ব্যৱসায়ীয়ে এবাৰ ব্যৱহৃত পলিথিন ব্যৱহাৰৰ কথা স্বীকাৰ কৰি নিষিদ্ধ পলিথিনৰ বৃহৎ চিণ্ডিকেট গঢ়ি উঠিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । ব্যৱসায়ীসকলে এই নিষিদ্ধ পলিথিন বন্ধ কৰিবলৈ প্ৰথমতে উৎপাদন বন্ধ আৰু সজাগতা বৃদ্ধি কৰিব লাগিব বুলি উল্লেখ কৰে । যিহেতু একাংশই যদি পলিথিন আনিবলৈ বন্ধ কৰে ,আন একাংশ ব্যৱসায়ীয়ে আকৌ গ্ৰাহকৰ সুবিধাৰ বাবে এই পলিথিন সমূহ আনিবলৈ আৰম্ভ কৰে । কিছু গ্ৰাহকে আকৌ পলিথিন বেগ নাপালে বস্তু ক্ৰয় নকৰে । ফলত সকলো ব্যৱসায়ীয়ে পলিথিন আনিবলৈ বাধ্য হৈ পৰে ।

উল্লেখযোগ্য যে বজাৰত পলিথিন ব্যৱহাৰ বন্ধ হোৱাৰ পিছতো পলিথিনৰ দাম ২০ ৰ পৰা ৪০ পৰ্যন্ত বৃদ্ধি পোৱা বুলি খুচুৰা ব্যৱসায়ী সকলে অভিযোগ তুলি চিণ্ডিকেট চক্ৰই এই পলিথিন যোগান ধৰে বুলি উল্লেখ কৰে । ইফালে পলিথিন নিষিদ্ধকৰণৰ প্ৰথম দিনকেইটাত পৌৰ নিগমে এবাৰ ব্যৱহৃত প্লাষ্টিক ,পলিথিনৰ বিৰুদ্ধে যোৱা বৃহস্পতি বাৰে বজাৰ সমিতিৰ লগত সচেতনতামূলত সভা অনুষ্ঠিত কৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বজাৰ সমিতি সমূহৰ সহযোগিতা বিচাৰে । এই ক্ষেত্ৰত বজাৰ সমিতি সমূহে সদৰী কৰি কয় যে , যেতিয়ালৈকে এই পলিথিন সমূহৰ উৎপাদন হৈ থাকে ,তেতিয়ালৈকে কোনো কাৰণতে সজাগতা সভাই এই নিষিদ্ধ পলিথিন ব্যৱহাৰ ৰোধ কৰিব নোৱাৰে । পৰিতাপৰ কথা যে , মহানগৰীৰ অলিয়ে-গলিয়ে বিনাদ্বিধাৰে এবাৰ ব্যৱহৃত পলিথিন ব্যৱহাৰ হয় আছে যদিও পৌৰ নিগমৰ চকুত নপৰা বিযষয়টোৱে এই সমগ্র বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে ।

Exit mobile version