পাকিস্তানত প্ৰলয়ংকৰী বান, তাচপাতৰ দৰে খহিছে বহু অট্টালিকা ,বানত মৃত্যুৰ সংখ্যা ১,০০০ অতিক্ৰম

WhatsApp Image 2022 08 28 at 7.25.28 PM 1

পাকিস্তানত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত দেশখনৰ আধা অংশ বানৰ কৱলত ৷ বহু অঞ্চলত ওখ ওখ অট্টালিকা তাচপাতৰ দৰে খহি পৰিছে ৷ চহৰ-গাঁও সকলো এতিয়া জলমগ্ন ৷ দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি পুৱাৰ ভাগত প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি যোৱা ২৪ ঘণ্টাত ১১৯ জন লোকৰ মৃত্যু হোৱাৰ ফলত পাকিস্তানত বাৰিষাৰ বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে, দুৰ্যোগৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ১,০৩৩ জনলৈ বৃদ্ধি পাইছে। শনিবাৰে নথিভুক্ত কৰা মৃত্যুৰ ভিতৰত চাৰিজন বেলুচিস্তানৰ, ছয়জন গিলগিট বাল্টিস্তানৰ, ৩১ জন খাইবাৰ পাখতুনখোৱাৰ আৰু ৭৬ জন সিন্ধুৰ।

ধাৰাসাৰ বৰষুণে ৩৩ নিযুতৰো অধিক লোকক প্ৰভাৱিত কৰিছে ৷ দেশখনৰ ১১০ খন জিলা বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে ৭২ খন জিলাৰ অৱস্থা অতি শোচনীয় হোৱা প্ৰতি লক্ষ্য ৰাখি সেনা আৰু দুৰ্যোগ প্ৰশমন বিভাগে বানত আৱদ্ধসকলক উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে ৷ দেশখনে এক দশকত আটাইতকৈ বেয়া প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজিবলগীয়া হৈছে।

বানত প্ৰায় ৯৪৯,৮৫৮ টা ঘৰ ধ্বংস হোৱাৰ বিপৰীতে আংশিকভাবে ক্ষতিগ্ৰস্ত হৈছে ৬৬২,৪৬৪ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে, আৰু সম্পূৰ্ণৰূপে ধ্বংস হৈছে২৮৭,৪১২ টা বাসগৃহ ৷ আনহাতে বানৰ ফলত মৃত্যু হৈছে প্ৰায় ৭০০,০০০ৰো অধিক পশুধনৰ । পাকিস্তান চৰকাৰে বানৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷ স্মতৰ্ৱ্য যে বানত প্ৰভাৱিত হৈছে প্ৰায় ৪ মিলিয়নতকৈও অধিক লোক ৷

Exit mobile version