DEAD RIVERS জীয়া সূঁতিৰ পৰা মৰা সূঁতিলৈ পৰ্যবসিত এখনৰ পিছত আন এখন নদী

গ্ৰীষ্ম প্ৰবাহে দহিছে বিশ্ব

WhatsApp Image 2022 08 29 at 7.20.45 PM

সংকুচিত হৈছে জলপৃষ্ঠৰ পৰিমাণ

শুকান নদীৰ বুকুত জিলিকিছে ডাইন’চৰৰ ভৰিৰ খোজ,হাড় , বোমা আৰু প্ৰাচীনকালৰ নগৰী

 স্মৃতি হৈ পৰিব নেকি বিশ্বৰ বহুকেইখন লেখত ল’বলগীয়া নদী ! বিশ্বজুৰি জলবায়ু পৰিবৰ্তনৰ ভয়াবহতাহে বিলুপ্ত কৰিছে মানৱ সভ্যতাৰ সাক্ষী নদী । পৃথিৱীৰ বহু দেশতে এতিয়া বিলুপ্ত হৈছে মানৱ সভ্যতাৰ ইতিহাস কঢ়িওৱা নদী । আমেৰিকাৰ পৰা ইটালী ,চীন ,মধ্যপ্ৰাচ্যলৈ সভ্যতাৰ ইতিহাস কঢ়িওৱা বহু নদীৰ পানী এতিয়া শুকাই গৈছে । গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগেই খৰাং পৰিস্থিতি আৰু গ্ৰীষ্মপ্ৰবাহে এনেকৈয়ে এদিন মৃত্যু ঘটাব নেকি মানৱ সভ্যতাৰ । বিজ্ঞানী মহলত চৰ্চা হোৱা অনুসৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এসময়ৰ খৰস্ৰোতা বহু নদীৰ সাম্প্ৰতিক সময়ত অপমৃত্যু হৈছে । শেহতীয়াকৈ প্ৰকাশিত বিভিন্ন প্ৰতিবেদনত উল্লেখ পোৱা অনুসৰি, আমেৰিকাৰ পৰা ইউৰোপ ,চীন তথা মধ্যপ্ৰাচ্যকে ধৰি বিশ্বৰ বৃহৎ অঞ্চলত জলপৃষ্ঠৰ পৰিমাণ সংকুচিত হ’বলৈ ধৰিছে । পূৰ্বতে প্ৰৱল জলধাৰাৰে বৈ থকা কোৱাল নদীবোৰত এতিয়া আছে পলস আৰু ক্ষীণ সূঁতিৰে বৈ অহা এখন শুকান নৈ । মানৱ সভ্যতাৰ বহু উত্থান-পতনৰ সাক্ষী হৈ ৰোৱা এনে বহু উৰ্বৰ নৈৰ বুকু এতিয়া উদং।

জলভাণ্ডাৰৰ জলধাৰাও শুকাই ধূলিলৈ ৰূপান্তৰিত হৈছে । বিশ্বৰ বিভিন্ন প্ৰান্তত জলবায়ু পৰিবৰ্তনৰ ফলত দেখা দিয়া এনে ভয়াবহ দৃশ্যই আগন্তুক সময়ত মানৱ সভ্যতাই সন্মুখীন হ’বলগীয়া ভয়াবহ পৰিস্থিতিৰ ইংগিত বহন কৰিছে । নদীৰ লগত অৰ্থনীতিৰো এক সম্বন্ধ আছে । সংকুচিত জলধাৰাই অৰ্থনৈতিক ক্ষেত্ৰখনতো কু-প্ৰভাৱ পেলাইছে । জলপথ বন্ধ হোৱাৰ ফলত মালবাহী জাহাজৰ চলাচলৰ পৰা আৰম্ভ কৰি কৃষিখণ্ড ,শক্তিখণ্ডকে ধৰি বাণিজ্য , সকলোতে প্ৰভাৱ পেলাইছে । উল্লেখযোগ্য যে ,জাৰ্মানী, নেদাৰলেণ্ড আৰু ছুইজাৰলেণ্ডৰ অৰ্থনীতিৰ অন্যতম ৰাইন নদী শেহতীয়াকৈ লক্ষ্যণীয়ভাৱে যাতায়তৰ বাবে দুৰ্গম হৈ পৰিছে। মধ্য ইউৰোপৰ পৰা কৃষ্ণসাগৰ পৰ্যন্ত ১৯ শ কিলোমিটাৰ বিস্তৃত ডানিয়ুব নদীৰেও যাতায়ত দুৰূহ হৈ আহিছে । তথ্য অনুসৰি ইউৰোপৰ নৈ আৰু সুৰংগসমূহ কেৱল যাতায়তৰ মাধ্যমৰূপে অঞ্চলটোৰ অৰ্থনীতিলৈ প্ৰায় ৮০ বিলিয়ন ডলাৰ অৱদান আগবঢ়ায়। একেদৰে চীনৰ এছিয়াৰ ভিতৰতে দীৰ্ঘতম নৈ য়াংছি তীব্ৰ চাপৰ সন্মুখীন হৈছে । ফলত কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন হ্ৰাস পাইছে ।

পৰিস্থিতি এনে হৈছেগৈ যে ছাংহাইৰ দৰে বৃহৎ মহানগৰীতো বিদ্যুৎৰ নাটনিয়ে দেখা দিছে । একেদৰে আমেৰিকাৰ ডেনভাৰ আৰু লছ এঞ্জেলছৰ চাৰি কোটি বাসিন্দাৰ পানীৰ উৎস কল’ৰাড নদীও পৰিবেশ পৰিবৰ্তনৰ বাবে এতিয়া জৰ্জৰিত । ফলত এৰিজোনা ,নেভাডা আৰু মেস্কিকোলৈ এতিয়া কঠোৰ নীতি অৱলম্বন কৰি পানী যোগান কৰ্তন কৰা হৈছে । এনে অৱস্থাত বিশেষজ্ঞ সকলৰ মতে ,বতৰৰ পৰিবৰ্তনৰ বাবে নৈ সমূহ এনেকৈ শুকাই গৈছে । মন কৰিবলগীয়া কথা যে, বিগত কমেও পাঁচশ বছৰৰ ভিতৰত ইউৰোপ এতিয়া তীব্র খৰাং অৱস্থাৰ মাজেৰে গতি কৰিছে ।

ইউৰোপত হিমবাহ গলিব ধৰিছে,সঘনাই বনজুইৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে বতৰৰ পৰিৱৰ্তনৰ ফলত শুকাই যোৱা নৈত বহু হেজাৰ পূৰ্বে বিলুপ্ত হোৱা ডাইন’চৰৰ ভৰিৰ খোজ ,হাড়ৰ অৱশিষ্ট উদ্ধাৰ হৈছে । ইটালীৰ শুকাই যাবলৈ ধৰা টাইবাৰ নদীৰ বুকুত উদ্ধাৰ হৈছে প্ৰাচীন সম্ৰাট নিৰোৱে নিৰ্মাণ কৰা দলঙৰ অৱশিষ্ট । ইতিহাসবিদ এন্টনী মহাজনলাহতিয়ে কয় যে, ইটালীত এতিয়া নৈৰ জলপৃষ্ঠ ইমানেই হ্ৰাস পাইছে যে বহু যুগৰ প্ৰাচীন দলঙৰ বহু কেইটা স্তম্ভও দেখিবলৈ পোৱা গৈছে । একেদৰে স্পেইনতো খৰাং বতৰে দহিছে । খৰাঙৰ কৱলত ঐতিহাসিক কালৰ শিলাস্তম্ভ দৃশ্যমান হ’ল স্পেইনৰ নদীত । যিবোৰ শিলাস্তম্ভ প্ৰায় পাঁচ হাজাৰ বৰ্ষ পুৰণি বুলি উল্লেখ কৰিছে প্ৰত্নতত্ববিদসকলে । ইটালীৰ শুকান নৈৰ বুকুৰ পৰা উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত নোহোৱা এটা বোমা । ইৰাকৰ ম’ছুল নদীবান্ধত তাম্ৰযুগৰ এখন নগৰীও দৃশ্যমান হৈছে ।

যিখন নগৰী প্ৰায় ৩৪০০ বছৰ পুৰণি বুলি দাবী কৰিছে প্ৰত্নতত্ববিদসকলে । এনে অৱস্থাত এতিয়া সংবাদ মাধ্যমত স্থান লাভ কৰিছে শুকাই যোৱা নদীৰ কথাই । নদীবোৰ যদি পৃথিৱীৰ মানচিত্ৰৰ পৰা হেৰাই যাই তেন্তে আধুনিক বিশ্বই খাদ্য,জল, প্ৰযুক্তি,শক্তি ,ৰসায়ন আদি সকলো খণ্ডতে ভয়াবহ সংকটৰ সন্মুখীন হ’ব ।

Exit mobile version