COVID-19 : ক’ভিড আপডেট

corona test 2 1656128331

দেশজুৰি দুদিন দৈনিক আক্রান্তৰ সংখ্যা ন হেজাৰ হ’লেও বিগত ২৪ ঘণ্টাত কিছু কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৭,৫৯১ । দেওবাৰে এই সংখ্যা আছিল ৯,৪৩৬ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত আছে মহাৰাষ্ট্র । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ১,৬৩৯ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে কেৰালা (১,১২৩), কর্নাটক (৯২৯) আৰু তামিলনাডু (৫২৫) ।

যোৱা ২৪ ঘণ্টাত দৈনিক সংক্রমিতৰ সংখ্যা কমিলেও দৈনিক সংক্রমণৰ হাৰ বাঢ়িছে । পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ৪.৫৮ শতাংশ । দেওবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ২.৯৩ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ৪৫ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত কেৰালাত মৃতৰ সংখ্যা সর্বোচ্চ । বিগত ২৪ ঘণ্টাত কেৰালাত ১৭ জন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । মহাৰাষ্ট্র, কর্নাটক আৰু দিল্লীত পাঁচজন, পশ্চিমবংগ আৰু মিজোৰামত তিনিজন ক’ভিড আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি মণিপুৰ, গোঋআ, হাৰিয়ানা, পঞ্জাৱ, গুজৰাট, ওড়িছা আৰু উত্তপ্রদেশত এক জনকৈ লোকৰ মৃত্যু হৈছে । দেওবাৰে এই সংখ্যা আছিল ১৫৭ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৩৬২ জন লোক ক’ভিড আক্রান্ত হৈ মৃত্যু হৈছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৯,২০৬ জন লোক সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৮ লাখ দুহেজাৰ ৯৯৩ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৬২ শতাংশ ।

Exit mobile version