APDCL : নামনিৰ চাৰি জিলাত বিদ্যুৎ কৰ্তন এপিডিচিএলৰ

Romanian electric power transmission lines 1

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে আজি পুৱাৰে পৰা দিনটোৰ বাবে নামনি অসমৰ কেইবাখনো জিলাত বিদ্যুৎ কৰ্তন কৰিছে ৷ বিদ্যুৎ ব্যাহত হ’ব লগা জিলা কেইখন হ’ল কোকোৰাঝাৰ, ধুবুৰী, বঙাইগাঁও আৰু চিৰাং ৷

এই জিলা কেইখনৰ কেইবাটাও অঞ্চলত বিদ্যুৎ কৰা হৈছে কৰ্তন ৷ আছাম ইলেক্ট্ৰনিক গ্ৰীড কপাৰেশ্বনৰ চালাকাটি গ্ৰীডৰ মেৰামতিৰ বাবে কৰা হৈছে বিদ্যুৎ কৰ্তন ৷

আনহাতে, এপিডিচিএল কৰ্তৃপক্ষই আগতীয়া কোনো জাননী নিদিয়াকৈ এই উৎকট গৰমত বিদ্যুৎ কৰ্তন কৰা কাৰ্যক তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সংশ্লিষ্ট অঞ্চলৰ ৰাইজে ৷

Exit mobile version