COVID-19 : ক’ভিড আপডেট

covid test srinagar pti

তিনি দিন ধৰি দৈনিক আক্রান্তৰ সংখ্যা ১০ হেজাৰৰ তলত থাকিলেও বিগত ২৪ ঘণ্টাত কমি দুহেজাৰৰ নামিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ২,৮৬২ । সোমবাৰে এই সংখ্যা আছিল ৭,৫৯১ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ তালিকাত মহাৰাষ্ট্রক পিছ পেলাই শীর্ষত আছে কেৰালা । বিগত ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,০০০ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (৮১০), কর্নাটক (৬৫৯) আৰু তামিলনাডু (৫১২) ।

যোৱা ২৪ ঘণ্টাত দৈনিক সংক্রমিতৰ সংখ্যাৰ লগতে দৈনিক সংক্রমণৰ হাৰো কমিছে । পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ কমি হ’ল ০.৮৯ শতাংশ । সোমবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৪.৫৮ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ৩০ জনৰ মৃত্যু হৈছে । যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত পাঁচজন, দিল্লীত চাৰিজন, হাৰিয়ানাত তিনিজন আৰু গোৱা, ছিকিম, অসম, ওড়িছা আৰু কর্নাটকত দুজন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি তামিলনাডু, পশ্চিমবংগ, ৰাজস্থান, গুজৰাট, ছত্তীছগঢ়, বিহাৰ, উত্তৰাখণ্ড আৰু মেঘালয়ত এজনকৈ লোকৰ মৃত্যু হৈছে । সোমবাৰে এই সংখ্যা আছিল ৪৫ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৩৯২ জন লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ২২,০৩১ জন লোক সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৮ লাখ ২৫ হেজাৰ ২৪ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৬৬ শতাংশ ।

Exit mobile version