Hima Das : দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত ধিং এক্সপ্ৰেছ হিমা দাস 

WhatsApp Image 2022 08 31 at 4.47.54 PM

দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত আজি পুৱা ধিং এক্সপ্ৰেছ তথা অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক হিমা দাস উপস্থিত হৈ প্ৰশিক্ষণৰত নৱনিযুক্ত কনিষ্টবল সকলৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশ লয় ।

মহাবিদ্যালয়খনৰ খেল পথাৰত অনুষ্ঠিত হোৱা এই মত বিনিময় অনুষ্ঠানত খেলুৱৈ গৰাকীক এখন ফুলাম গামোচাৰে আদৰণি জনাই মহাবিদ্যালয়খনৰ অধ্যক্ষ দেৱাশিষ শৰ্মাই । প্ৰথমবাৰৰ দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হোৱা হিমাই নিজৰ স্বভাৱসুলভ কথাৰে সকলোকে আকৃষ্ট কৰাৰ লগতে নৱ নিযুক্ত কনিষ্টবল সকলৰ অভিবাদন গ্ৰহণ কৰে ।

বিশেষকৈ যুৱ কনিষ্টবল সকলক খেলৰ যোগেদিও নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ আহ্বান খেলুৱৈগৰাকীয়ে । উল্লেখযোগ্য যে বিগত মাহত ৱাৰ্মিহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত অংশ লোৱা হিমা দাসে উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল যদিও দ্বিতীয় ৰাউণ্ডত মাইক্ৰ ছেকেণ্ড সময়ৰ ব্যৱধানত খেলৰ পৰা বাহিৰ হ’বলগীয়া হয় এই আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকী ।

ক্ৰমাগতভাৱে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাল প্ৰদৰ্শনেৰে অৱদান আগবঢ়াই অহা দৌৰবিদ গৰাকীক অসম চৰকাৰে এই সন্মানীয় উপ আৰক্ষী অধীক্ষকৰ পদ প্ৰদান কৰিছিল ।

Exit mobile version