Rhino Horn : বোকাখাতত গঁড়ৰ খৰ্গসহ আটক দুই চোৰাং ব্যৱসায়ী 

WhatsApp Image 2022 08 31 at 1.37.42 PM

বোকাখাত আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত কালি গঁড়ৰ খৰ্গসহ দুই চোৰাং ব্যৱসায়ীক আটক হয় । এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বোকাখাত আৰক্ষীয়ে বোকাখাতৰে চিপাহী গাওঁৰ নিজা বাসগৃহৰ পৰা ভক্ত বাহাদুৰ থাপা নামৰ এজন লোকক আটক কৰে ৷ ধৃত লোকজনৰ ঘৰত চলোৱা তালাচীৰ সময়ত অভিযানকাৰী আৰক্ষীৰ দলটোৱে মোনাত ভৰাই থোৱা অৱস্থাত এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে ৷

পৰৱৰ্তী সময়ত ধৃত ভক্ত বাহাদুৰৰ স্বীকাৰোক্তিৰ আধাৰতে বোকাখাত আৰক্ষীয়ে পুনৰ অভিযান চলাই বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ সমীপৰ পৰা বোকাখাত আমটেঙা গাওঁ নিৱাসী বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তেক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়়িত থকাৰ অপৰাধত আটক কৰে ৷ উল্লেখ্য যে ভক্ত বাহাদুৰ থাপা কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰৰ সৈতে পূৰ্বৰ পৰাই জড়িত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

উল্লেখ্য যে , বিগত কেইবাটাও বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিমাণ হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল যদিও পুনৰ গঁড়ৰ খৰ্গ উদ্ধাৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে । অৱশ্যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । কিয়নো আটকাধীন ধৃত লোক দুজনে কাজিৰঙাত গঁড় হত্যা কৰি খৰ্গ সংগ্ৰহ কৰিছিলনে নাই সেইকথা এতিয়াও স্পষ্ট হোৱা নাই ।

ইয়াৰোপৰি উদ্ধাৰ হোৱা খৰ্গটো আচল নে নকল সেইটোও ফৰেণচিক পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পিছতহে জানিব পৰা যাব । বৰ্তমান ধৃত লোক দুজনৰ ওপৰত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version