তিনিদিনীয়া ভ্ৰমণসূচীৰে পাঁচ ছেপ্তেম্বৰত দিল্লীত উপস্থিত হ’ব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

WhatsApp Image 2022 09 03 at 19.23.01

তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে দিল্লীত উপস্থিত হ’ব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতত থকা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকক অংশ ল’ব ৷শ্বেখ হাছিনাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু,উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰক সাক্ষাৎ কৰাৰ লগতে বিদেশমন্ত্ৰী এছ জয়শংকৰ সৈতেও এক আলোচনাত মিলিত হ’ব ৷

ভাৰতত থকাৰ মাজতে ৰাজস্থানৰ ঐতিহাসিক আজমীৰ শ্বৰীফলৈও যাব প্ৰধানমন্ত্ৰী হাছিনা ৷ আনহাতে ৮ ছেপ্তেম্বৰত স্বদেশলৈ উভতিব প্ৰধানমন্ত্ৰী গৰাকী ৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে হাছিনাৰ ভাৰত ভ্ৰমণে “ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক, পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ ওপৰত নিৰ্মিত দুয়োখন ৰাষ্ট্ৰৰ মাজত বহুমুখী সম্পৰ্ক গভীৰ কৰিব বুলি উল্লেখ কৰে ৷

Exit mobile version